মৌজাদাৰ গাঁৱত অজগৰ সৰ্প উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৫জুলাইঃ হোজাই জিলাৰ লংকাৰ নখুটিংৰ মৌজাদাৰ গাঁৱত আজি এদাল অজগৰ উদ্ধাৰ হয় ।

স্থানীয় ৰাইজে কুঁহিয়াৰ খেতিৰ মাজত সৰ্পডাল প্ৰত্যক্ষ্ কৰি নখুটী বন বিভাগৰ বিট অফিচৰ কাৰ্য্যলয়ত খৱৰ দিয়াত বন বিভাগে ঘটনাস্হলীত উপস্হিত হৈ অজগৰ সৰ্প ডাল উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ আহে ।

পিছত সৰ্পডাল বন বিভাগৰ লোকে লামডিং অসংৰক্ষীত বনাঞ্চলত এৰি দিয়ে।

উদ্ধাৰ হোৱা অজগৰ সাপডাল প্ৰায় ৭ফূট মান দীঘল আৰু ২৫ কেজি ওজনৰ হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here