প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৫জুলাইঃ গুৱাহাটী মহানগৰীত দীৰ্ঘদিন ধৰি সাংবাদিকতা বৃত্তিৰ সৈতে জড়িত হৈ থকা ভূমিহীন সাংবাদিক / ফটো সাংবাদিকৰ এখন জৰুৰী সাধাৰণ সভা ৬ জুলাইত দিনৰ ১০ বজাত দিছপুৰ প্ৰেছ ক্লাবত আহ্বান কৰা হৈছে।
ভূমিহীন সাংবাদিক সকলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰি কাৰ্যব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে এই সভাখনৰ আহ্বান দিয়া হৈছে।
গুৱাহাটী মহানগৰীত কৰ্মৰত সকলো ভূমিহীন সাংবাদিক/ফটো সাংবাদিকক উক্ত সভাত উপস্থিত থকাৰ বাবে আহ্বায়কসকলে অনুৰোধ জনাইছে।
Facebook Comments