প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৬জুলাইঃ উত্তৰ পূৰ্বাঞ্চলৰ বহুত লুপ্ত প্ৰতিভাবান যুৱতী আছে যিয়ে এখন উপযুক্ত মঞ্চৰ অভাৱত নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিবলৈ সক্ষম হোৱা নাই৷
ইয়াৰ বাবে সহযোগীতাৰ প্ৰয়োজন৷ এই মন্তব্য নিউজ লাইভৰ সঞ্চালীকা ৰিণিকি ভূঞা শৰ্মাৰ৷
আজি মহানগৰীৰ তাজ ভিভান্তাত অনুষ্ঠিত এক গাম্ভীৰ্য পুৰ্ণ অনুস্হানত উপস্থিত থাকি তেওঁ এইদৰে কয় ৷
২০১৮ নৰ্থ ইষ্ট ডিভাৰ শ্ৰেষ্ঠ খিতাপ দখল কৰা অনিন্দিতা কাকতীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত নিউজ লাইভৰ মুখ্য সম্পাদক চৌয়াদ জাৰিৰ হুছেইন উপস্থিত থাকি কয় যে ২০১৯ নৰ্থ ইষ্ট ডিভা অডিচনৰ ফৰ্ম দিয়া হৈছে৷
২০ গৰাকী প্ৰতিযোগিৰ পৰা প্ৰথম আৰু দ্বিতীয় বাচনি প্ৰক্ৰিয়াৰ পিছত পোনপটীয়াকৈ অডিচন ৰাউণ্ডত অংশ গ্ৰহণ কৰিব পাৰিব ৷
প্ৰথম স্হান লাভ কৰা গৰাকীয়ে মুম্বাইৰ মিছ ইণ্ডিয়া ২০২০ ত অংশগ্ৰহণ কৰিব পাৰিব।
Facebook Comments