হোজাইৰ শ্ৰমিকক কাৰ্বি আংলঙত হত্যাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৬জুলাইঃ অপৰাধৰ ৰাম্যভূমি পৰিণত হৈছে কাৰ্বি আংলং জিলা।

কিছুদিন পূৰ্বে নিলোৎপল আৰু অভিজিৎ নামৰ দুই শিল্পীক অতি নিৰ্মম বাবে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল। অভি-নিলৰ হত্যাকাণ্ডই এক ধুমুহাৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যত।

এইবাৰ আকৌ এগৰাকী শ্ৰমিকৰ প্ৰাণ ল’লে উদ্ধত কাৰ্বি যুৱকে।

কাৰ্বি আংলংৰ ডংকামোকামৰ চিতলীজানত ষড়যন্ত্ৰ কৰি এচাম দুষ্ট চক্ৰই হোছেইন আলি নামৰ নিৰীহ লোকজনক হত্যা কৰাৰ অভিযোগ তুলিছে হোছেইনৰ পৰিয়াৰ লোকে।

কাৰ্বি আংলঙৰ উদণ্ড যুৱকে হত্যা কৰা হোছেইন আলিৰ ঘৰ হোজাই জিলাৰ ৰাইকাটাৰ চন্দনপুৰত। কাৰ্বি আংলংত ট্ৰেক্টৰ চলাই পৰিয়ালক যোগান ধৰিছিল দুবেলা দুমুটি অন্ন। কিন্তু বৃহস্পতিবাৰে লোকজনৰ জীৱনলৈ নামি আহিল কাল অমানিশা।

কাৰ্বি আংলঙৰ এচাম গুণ্ডাবাহিনীয়ে ষড়যন্ত্ৰমূলকভাৱে অমানুষিক অত্যাচাৰ কৰি হত্যা কৰিলে যুৱকজনক।

এই ঘটনা পোহৰলৈ অহাৰ পিছত চৌদিশে এতিয়া ধীক্কাৰ গৰিহণা।

একাংশ উগ্ৰ লোকে আইনৰ প্ৰতি কণমানো ভয় নকৰি কাৰ্বি আংলংত প্ৰায়ে সংঘটিত কৰি আহিছে এটাৰ পিছত আনটো জঘন্য হত্যাকাণ্ড।

মুঠতে ৰাৱণৰাজ চলিছে কাৰ্বি আংলংত। প্ৰাণৰ সংঙ্কাত ভুগিছে সাধাৰণ ৰাইজে।

ৰাইজৰ প্ৰাণৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে, চৰকাৰৰ কাৰ্বি আংলং আৰক্ষী প্ৰশাসন।

যাৰ বাবে আইনক বুঢ়া আঙুলি দেখুৱাই প্ৰায়েই সংঘটিত কৰি আহিছে এটাৰ পিছত আনটো জঘন্য হত্যাকাণ্ড।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here