আইন পাঠ্যক্ৰমৰ ফলাফলত বিসংগতি

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৬ জুনঃ আইন পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ ফলাফলত বিসংগতিৰ সন্দেহ কৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে৷

সমিতিৰ মতে ২০১৯ বৰ্ষৰ প্ৰথম ষান্মাসিকৰ ফলাফল কেতিয়াও স্বাভাৱিক হ’ব নোৱাৰে৷

২০১৯ বৰ্ষৰ তিনিবছৰীয়া আইন পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ ফলাফলে আইন ছাত্ৰ-ছাত্ৰীসকলক আশ্চৰ্যজনকভাৱে চিন্তিত কৰি পেলাইছে। কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আইন মহাবিদ্যালয় সমূহৰ উত্তীৰ্ণ আৰু অনুত্তীৰ্ণৰ সংখ্যাৰ হাৰ প্ৰায় একেই।

এই ফলাফল কেতিয়াও স্বাভাৱিক হ’ব নোৱাৰে।

বিগত কিছুবছৰৰ পৰা তিনি বছৰীয়া আৰু পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম সমূহৰ ফলাফল ধাৰাবাহিকভাৱে বিসংগতি হৈ আছে।

এই বিসংগতি সমূহে আইন শিক্ষাত কু-প্ৰভাৱ পেলাইছে আৰু ছাত্ৰ-ছাত্ৰীৰ মনোবল হ্ৰাস কৰি আহিছে৷

এই সম্পৰ্কত সমিতিৰ তৰফৰ পৰা ৫ জুলাইত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here