ডিগবৈত তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ৬ জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ডিগবৈ তৈলক্ষেত্ৰক ব্যক্তিগত পুজিপতিৰ হাতত গতাই দিবলৈ লোৱা সিদ্ধান্ত বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল তিনিচুকীয়া জিলাৰ বিভিন্ন দল সংগঠন।

যোৱা ৪ জুলাইত ডিগবৈ তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ নামিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত মাৰ্ঘেৰিটা, পেঙেৰী আৰু ডিগবৈ আঞ্চলিক সমিতি৷

ডিগবৈ চহৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল বাহিৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷

ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত টায়াৰ জ্বলাই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আগন্তুক সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে জাতীয়তাবাদী সংগঠনটোৱে৷

কেন্দ্ৰীয় চৰকাৰক তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত শীঘ্ৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ন’হলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলি কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰকো হুংকাৰ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here