ভুৱা প্ৰমাণ পত্ৰৰে দীৰ্ঘদিন চাকৰিঃ অভিযোগ কৰিলেও গুৰুত্ব নাই শিক্ষা বিভাগৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৬জুলাইঃ ৰাজ্যৰ শিক্ষা বিভাগত চলি থকা কেতবোৰ নভূত-নাশ্ৰুত কাণ্ডই সকলোৰে চকু কপালত তুলিছে।

বিভাগটোত আৰ্হতা বিহীন একাংশ শিক্ষককে চাকৰি কৰি থকা সমান্তৰালকৈ শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰৰে দীৰ্ঘ দিন ধৰি চাকৰি কৰি অৱসৰ লোৱাৰ কেইবাটাও ঘটনাও শেহতীয়াকৈ পোহৰলৈ আহিছে!

প্ৰাপ্ত তথ্য অনুসৰি, নগাওঁ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ হোজাই মহকুমা উপ-পৰিদৰ্শকৰ কাৰ্যলৰ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম লংকা গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু প্ৰভা বৰুৱাৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জলিয়াতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল!

এইগৰাকী শিষয়াত্ৰীয়ে চলিত বৰ্ষৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰি অৱসৰ পাছত চৰকাৰৰ পৰা পাব লগা ভবিষ্যনিধী, সামূহিক বীমা, অব্যাহত আৰ্জিত ছুটি আদিৰ ধন মুকলি কৰি নিয়মীয়া পেঞ্চন পাবৰ বাবেও বিভাগীয়ভাৱে সকলো কাম কাজ অব্যাহত ৰাখিছে, তাপৰ্যপূৰ্ণ বিষয় যে শিক্ষয়িত্ৰী ৰেণুপ্ৰভা বৰুৱাই শিক্ষা বিভাগত দাখিল কৰা তথ্য অনুসৰি তেওঁ ১৯৭৬ চনৰ ১৯ জুনত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নিয়মীয়া পৰীক্ষাৰ্থী হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।

কিন্তু আশ্চৰ্যজনক বিষয় যে দিফুত চৰকাৰী উচচতৰ মাধ্যমিক বিদ্যালয় নামৰ কোনো শৈক্ষিক প্ৰতিষ্ঠানেই নাই।

এই সমগ্ৰ বিষয়টো নগাঁৱৰ উকীল সন্থাৰ এগৰাকী অধিবক্তা বীজয় কৃষ্ণ শৰ্মাই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য মতে, ডিফুত ৰেংবংহস উচ্চ মাধ্যমিক বিদ্যালয়, ডি অভি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ কোনো শিক্ষানুষ্ঠান নাই।

১৯৭৬ চনত ৰেণুপ্রভা নামৰ কোনো পৰীক্ষাৰ্থী উৰ্ত্তীণ হোৱা নাই!

এখন ভুৱা শিক্ষানুষ্ঠানৰ ভুৱা শিক্ষাগত প্ৰমাণপত্ৰেৰে দীৰ্ঘদিন ধৰি চাকৰি কৰি দৰমহা লাভ কৰি অবেশেষত অৱসৰ লয় যদিও এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগত অভিযোগ দাখিল কৰাৰ সত্বেও আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টো অতি ৰহস্যজনক বুলি বিবেচিত হৈছে।

যিটো বিষয় সন্দৰ্ভত শিক্ষা বিভাগত অভিযোগ দাখিল হয় যদিও শিক্ষা বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থাকে ।অন্তৰালত ৰহস্য কি ?

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here