লংকাত চাইল্ড লাইনৰ প্ৰচেষ্টাত বাল্য বিবাহ বন্ধ

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা,৮জুলাইঃ হোজাই জিলাত যেন ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে বাল্য বিবাহৰ ঘটনা|

তেনে এক বাল্য বিবাহৰ ঘটনা পুনৰ সংঘটিত হ’ল লংকাৰ ভালুকমাৰীৰ পাণ্ডা বস্তীত|

পৰিয়ালৰ লোকে গোপনে ১৫ বছৰীয়া কিশোৰী গৰাকীক বিবাহ দিনলৈ ওলাইছিল যদিও,

চাইল্ড লাইনে লংকা আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে শিল্পী দাস নামৰ ১৫ বছৰীয়া কিশোৰী গৰাকীক|

পিছত, চাইল্ড লাইনে কিশোৰীৰগৰাকীক‌ উদ্ধাৰৰ কৰি লংকা আৰক্ষী থানালৈ লৈ আহে। বৰ্তমান চাইল্ড লাইনে উদ্ধাৰকৃত কিশোৰী গৰাকীক নগাঁৱলৈ প্ৰেৰণ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here