নখুটী বন বিভাগৰ এন আৰ চি কাৰ্যালয়ত বায়মেট্ৰিক্সৰ বাবে হাহাকাৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৮জুলাইঃ হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত নখুটী বন বিভাগৰ এন আৰ চি কাৰ্যালয়ত এতিয়া চলিছে প্ৰায় অৰাজকতা।

১০ জুলাইলৈকে বায়মেট্ৰিক্স লোৱাৰ সময়সীমা আছে, ইয়াৰ বিপৰীতে ৪ হেজাৰৰো অধিক লোকৰ বায়মেট্ৰিক্স লবলৈ বাকী আছে।

কেৱল দুটা বায়মেট্ৰিক্স ফিংগাৰ মেচিন থকাৰ কাৰণে ৰাইজৰ মাজত হাহাকাৰ পৰিলক্ষিত হৈছে।
দুটা মেচিনৰ আকৌ এটা প্ৰায়ে বিকল হৈ থাকে।

অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবেও কাম ব্যাহত হয় কাৰণ জেনেৰেটৰটো বেয়া হৈ পৰি আছে।

কেতিয়াবা আকৌ দীঘলীয়া লাইনৰ বিপৰীতে অপাৰেটৰক দেখা যায় নিৰ্দিষ্ট স্থানত নাই।

প্ৰচণ্ড গৰমত দূৰ দূৰণিৰ পৰা অহা বৃদ্ধ, বেমাৰী, গৰ্ভৱতী মহিলাই যেতিয়া এন আৰ চি কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে উভতি যাবলগীয়া হয়, দুখ দুৰ্দশা কুলাই পাচিয়ে নধৰা হয়।

অতি দুখীয়া মানুহে ঋণত টকালৈও নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ আহি গোটেই দিন অপেক্ষা কৰি যেতিয়া পিছদিনা আকৌ আহিবলগীয়া হয়, তেনে মানুহৰ কষ্ট সহজে অনুমেয়।

এন আৰ চি কৰ্তৃপক্ষলৈ ৰাইজে দাবী জনাইছে যাতে অতি সোনকালে সমস্যাসমূহ সমাধান কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত সকলোৰে বায়মেট্ৰিক্স ৰেকৰ্ড ল’ব পাৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here