প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,৮ জুলাইঃ তিনিচুকীয়া জিলা মাঘেৰিটা মহকুমাৰ অসম-অৰুণাচল সিমান্তৱৰ্তী অঞ্চল বৰডুমচাৰ ১ নং মহং গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা।
১নং মহং গাঁৱ নিৱাসী পুনেশ্বৰ মৰাণৰ বোৱাৰী তথা মধু মৰাণৰ নৱ-বিবাহীত পত্নী প্ৰিয়ংকা চেতিয়া (মনি) নামৰ বোৱাৰী গৰাকীৰ অগ্নিদগ্ধ মৃতদেহ নিজ ঘৰত উদ্ধাৰ হ’য়।
প্ৰিয়ংকাৰ পৰিয়াল তথা স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি প্ৰিয়ংকা চেতিয়া নামৰ বোৱাৰীগৰাকীক ড্ৰাগছ আসক্ত নিজ স্বামী মধু মৰাণ আৰু শাহু দিবন মৰাণে মিলি গাত কেৰাচিন ঢালি জ্বলাই দিছে।
অভিযোগ অনুসৰি বহু দিনৰ পৰা শাহু আৰু বোৱাৰী মাজত কাজিয়া চলি থকাৰ লগতে স্বামী মধু মৰাণে ড্ৰাগছ সেৱন কৰি নিজ পত্নীৰ ওপৰত নিতৌ নিৰ্যাতন চলাইছিল।
সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উতপ্ত হৈ পৰে বৰডুমচা অঞ্চলটো।
ইতিমধ্যে অভিযুক্ত স্বামী আৰু শাহুৱেকক আৰক্ষীয়ে আটক কৰিছে।
স্থানীয় ৰাইজে বৰডুমচা আৰক্ষী থানা ঘেৰাও কৰি দুখীক ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ দাবী জনাইছে।
বহু সময় ধৰি স্থানীয় ৰাইজে বৰডুমচা আৰক্ষী থানা ঘেৰাও কৰি ৰখা লগতে গাড়ী আদিও ক্ষতিসাধন কৰে।
আৰক্ষীয়ে অতি কৌশলৰে অভিযুক্ত স্বামী আৰু শাহুৱেকক থানাৰ চৌহদৰ পৰা সুৰক্ষিত স্থানলৈ নিবলৈ সক্ষম হয়।
ইয়াকেলৈ স্থানীয় উত্তেজিত ৰাইজৰ সৈতে আৰক্ষী লোকৰ যথেষ্ট বাক-বিতণ্ডা সৃষ্টি হয়।