পেঙেৰীত ড্ৰাগছ বিৰোধী সজাগতা সভা

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ৮ জুলাইঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী আৰক্ষীৰ থানাৰ অন্তৰ্গত ১ নং টকৌ পথাৰত ৭ জুলাইত এখন ড্ৰাগছ তথা মাদকদ্ৰব্য বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰা হয়।

টকৌ পথাৰ মহিলা সমিতিৰ উদোগত তথা স্থানীয় ৰাইজৰ সহযোগত ১নং টকৌ পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সজাগতা সভাখনত পেঙেৰী আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীকুমাৰ নেওগ,পেঙেৰী সেনা ছাউনিৰ শিবিৰৰ মেজৰ ললিত শৰ্মা, ৰাষ্ট্ৰীয় সাংবাদিক বঁটা প্ৰাপ্ত সাংবাদিক ৰবীন মৰাণ, জাতীয়তাবাদী ছাত্ৰ নেতা কুমুদ মৰাণ, গোৰ্খা জনগোষ্ঠীয় নেতা লোকনাথ নেৱাৰ, সুভাষ তামাং, ডিগবৈ আৱকাৰী বিষয়াৰ লগতে অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

উপস্থিত সকলোৱে পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত দিনকদিনে বৃদ্ধি পায় অহা মাদকদ্ৰৱ্য ব্যৱহাৰ আৰু সেৱনৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে।

মাদকদ্ৰব্যৰ এনে অবাধ প্ৰচলনৰ বাবে উঠি অহা নতুন প্ৰজন্ম তিল তিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে ।

উঠি অহা প্ৰজন্মক ধ্বংস গৰাহৰ পৰা ৰক্ষাৰ বাবে জন-সচেতনতা বৃদ্ধি অতি প্ৰয়োজন বুলি অতিথিসকলে মত ব্যক্ত কৰে।

লগতে উঠি অহা যুৱক যুৱতীসকলক মাদকদ্ৰব্য অপকাৰীতাৰ বিষয়ে জ্ঞান দিয়া অতি প্ৰয়োজন।

সভাত উপস্থিত সকলো অতিথিয়ে বৰবিহ সদৃশ মাদকদ্ৰব্যৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ কৰিব লাগিব বুলি কয় তেতিয়াহে সমাজৰ এই ব্যাধিক নিৰ্মূল কৰিব পৰা যাব।

মাদকদ্ৰব্য নিবাৰণৰ বাবে প্ৰশাসনৰ লগতে সমাজে ল’বলগীয়া ভুমিকা সৰ্ম্পকে উপস্থিত অতিথিসকলে বিতংকৈ উল্লেখ কৰে।

সভাত বিভিন্ন দল সংগঠনৰ পৰা উপস্থিত থকা অতিথিসকলেও নিজৰ নিজৰ বক্তব্য দাঙি ধৰে।

শিক্ষক টংক বাহাদুৰ নেৱাৰে সভাপতিত্ব কৰা সভাখনত দুই শতাধিক পুৰুষ মহিলা উপস্থিত থাকে ।

ভৱিষ্যতে উক্ত অঞ্চলৰ পৰা মাদকদ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত স্থানীয় মহিলাসকলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মহিলা সমিতিৰ নেতৃত্বই অৱগত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here