গোলাঘাট সমষ্টিত কংগ্ৰেছৰ ব্যাপক খহনীয়াঃ গেৰুৱাবসন পিন্ধিলে ২০ কংগ্ৰেছীয়ে

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,৮জুলাইঃ কংগ্ৰেছৰ শীৰ্ষমহলত শেহতীয়াকৈ হোৱা অন্তঃকন্দলৰ ফলত দলৰ প্ৰতি আস্থা ভংগ হৈছে একাংশ নেতা কৰ্মীৰ।

দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ হৈ সাংগঠনিক ভেটি শক্তিশালী কৰা গোলাঘাট বিধান সভা সমষ্টিৰ বালিজান পঞ্চায়তৰ প্ৰাক্তন উপ-সভাপতি তথা মণ্ডল যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বিজিত বৰাই লগত আন ৯ জন সক্ৰিয় কংগ্ৰেছ কৰ্মীক লগত লৈ আজি গেৰুৱা দল বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

আজি বালিজানত অনুষ্ঠিত হোৱা এক সদস্যভৰ্তি অনুষ্ঠানত বিজেপিৰ মেডিয়া কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ

গোস্বামীয়ে কংগ্ৰেছৰ নেতা-কৰ্মীকেইগৰাকীক গেৰুৱাবসন পিন্ধাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰায়।

আনহাতে একেখন পঞ্চয়তৰে জামুগুৰি চাহ বাগিচাৰ ১০ জন শ্রমিকে কংগ্ৰেছ ত্যাগ কৰি আজি মেডিয়া কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীৰ উপস্থিতত বিজেপি দলত যোগদান কৰে।

ইয়াৰ পূৰ্বেও সমষ্টিটোত কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈ বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে।

এনে প্ৰেক্ষাপটত কংগ্ৰেছৰ দুৰ্গ স্বৰূপ গোলাঘাট বিধান সভা সমষ্টিত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে।

আজি ২০ জন সক্ৰিয় কংগ্ৰেছ নেতা কৰ্মীয়ে গেৰুৱা দল বিজেপিত যোগদান কৰি অনাগত দিনত বিজেপিৰ হৈ কাম কৰি যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here