প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৮জুলাইঃ ৰাজ্যৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান হায়াত হস্পিটেলৰ উদ্যোগত বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে যোৱা ৬জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত এক স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।
শিবিৰত চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ তেহচিন ওমৰ আৰু ডাঃ বিষ্ণু দাস উপস্থিত থাকি সাংবাদিকসকলৰ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়।
৩০ গৰাকীৰো অধিক সংবাদ কৰ্মী উপস্থিত থকা শিবিৰত স্বাস্থ্য কৰ্মী ব্লিৰি নংৰি আৰু মনীষা ৰাভাই সাংবাদিক সকলৰ ৰক্ত চাপ আৰু ব্লাড চুগাৰ পৰীক্ষা কৰে।
শিবিৰত উপস্থিত থাকি চিকিৎসালয়খনৰ মহাপ্ৰৱন্ধক পৰাগ জ্যোতি দত্তই ভৱিষ্যতেও সাংবাদিকসকলৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহযোগ কৰিব বুলি মত প্ৰকাশ কৰে।
Facebook Comments