প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৮জুলাইঃ গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান নক্ষত্ৰ গোষ্ঠী তথা প্ৰডাকচনৰ সৌজন্যত ৭ জুলাইৰ পৰা ১৭ জুলাই লৈ আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক ষষ্ঠ গ্ৰীষ্ম কালীন নাট আৰু নৃত্যৰ কৰ্মশালাখন৷
৭ জুলাইত দূর্গাসৰোৱৰ বিদ্যাপীঠ হাইস্কুল(কামাখ্যা গেট)ত আনুষ্ঠানিকভাৱে নাট আৰু নৃত্যৰ কৰ্মশালাখন মুকলি কৰা হয়।
বিশিষ্ট অভিনেতা সত্যেন শৰ্মা, বিশিষ্ট পৰিচালক মৃণাল হালৈ,গোষ্ঠীৰ সভাপতি প্ৰকাশ মেধি আদিকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে কবি সাহিত্যক ,তথা সমাজ কৰ্মী মনীষা শৰ্মাই।
নিজৰ ভাষণ প্ৰসংগত কবি সাহিত্যিক গৰাকীয়ে কয় যে নাট হৈছে, উৎকৃষ্টম কলা। য’ত দৃশ্য, শ্ৰাৱ্য মাধ্যমৰ সমাহাৰ আছে, তেওঁ ইয়াকো কয় যে এই নাট কৰ্মশালাসমূহৰ দ্বাৰা আমাৰ শৰীৰ মন আৰু মগজুৰ বিকাশ লাভ হয়।
উল্লেখযোগ্য যে ৪০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্ম শালাখত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, মলয়া গোস্বামী, অভিনেতা অৰুণ হাজৰিকা, গুণাকৰ দেৱ গোস্বামী, হেৰম্ব শৰ্মা আদি অনেক খ্যাতিসম্পন্ন অভিনেতা-অভিনেত্ৰী, পৰিচালক আদিয়ে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিব বুলি নক্ষত্ৰ গোষ্ঠীৰ তৰফৰ পৰা জনাইছে।