উত্তৰ লখিমপুৰ নিকেতনত শিশু শিক্ষা সমিতি,অসমৰ প্ৰান্তীয় ক্ৰীড়া সমাৰোহৰ যোগাসন আৰু ডবা খেল প্ৰতিযোগিতা সম্পন্ন

প্ৰাগজ্যোতিষ বাৰ্তা,উত্তৰ লখিমপুৰৰ পৰা উত্তম বৰা ৮জুলাইঃ বসন্তলতা বিশ্বেশ্বৰ চাংকাকতি সোঁৱৰণি শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন,উত্তৰ লখিমপুৰত বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্হানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ প্ৰান্তীয় ক্ৰীড়া সমাৰোহৰ যোগাসন আৰু ডবা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ কাৰ্য্যসূচী ৫ জুলাইত সম্পন্ন হয়৷

বন্দনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত দ্বীপ প্ৰজ্বলন কৰে লখিমপুৰ বিভাগৰ বিভাগ প্ৰমুখ নব কুমাৰ দত্তই অনুষ্ঠানত অধ্যক্ষতা কৰে শিশু শিক্ষা সমিতিৰ সভাপতি ডঃ নিৰ্মল বৰুৱাই আৰু অতিথি পৰিচয় কৰাই দিয়ে লখিমপুৰ বিভাগৰ বিভাগ সংযোজক প্ৰদীপ হাজৰিকাই সভাত প্ৰাস্তাবিত ভাষণ আৰু উদ্বোধনী ভাষণ আগবঢ়ায় ক্ৰমে প্ৰান্তীয় খেল প্ৰমুখ ৰঞ্জিত শইকীয়া আৰু উত্তৰ লখিমপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য প্ৰকাশ দেউৰীয়ে।

অনুষ্ঠানটিত উপস্থিত থাকি মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত ডঃ বি.জীৱনে, বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে লখিমপুৰ স্নাতকোত্তৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই৷ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজেশ মালপানীৰে আদৰণী ভাষণ ৰাখে। প্ৰতিযোগীসকলক শপত বাক্য পাঠ কৰায় নিকেতনৰ খেলুৱৈ, ছাত্ৰী হৰ্ষিতা দাসে৷

প্ৰতিযোগিতাত মুঠ ১৯ খন নিকেতনৰ ১০১ গৰাকী ছাত্ৰ-ছাত্ৰী, তত্বাৱধায়ক আচাৰ্য (১১), প্ৰান্তীয় অধিকাৰী(৪), খেল পৰিচালক ৫০ গৰাকীৰে মুঠ ১৬৬ গৰাকী উপস্থিত থাকে। এই প্ৰতিযোগিতাত মুঠ ৪০ বিধ খেল অনুষ্ঠিত হয়।

৬ জুলাই সন্ধ্যা সমাপন অনুষ্ঠানত উপস্থিত থাকে শিশু শিক্ষা সমিতি,অসমৰ সভাপতি ডঃ নিৰ্মল বৰুৱা,সহ প্ৰান্তীয় খেল প্ৰমুখ পৱিত্ৰ গগৈ,লখিমপুৰ জিলা বিধানসভা সমষ্টিৰ বিধায়ক উৎপল দত্ত।ছাত্ৰ-ছাত্ৰীসকলৰ নৃত্য-গীতেৰে সন্ধিয়াৰ পৰিবেশ জীপাল হৈ পৰে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি শিৱসাগৰ বিভাগে শ্ৰেষ্ঠ বিভাগৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।

অনুষ্ঠানৰ সমাপন কৰে ধেমাজি জিলা প্ৰমুখ প্ৰেম দত্তই আৰু অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় বসন্তলতা বিশ্বেশ্বৰ চাংকাকতি সোঁৱৰণি শঙ্কৰদেৱ শিশু নিকেতন উত্তৰ লখিমপুৰৰ প্ৰধান আচাৰ্য ঘন নাথে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here