উত্তৰ লখিমপুৰ আৰু পানীগাৱঁ সংকুল পদাধিকাৰীসকলৰ সন্মিলন সম্পন্ন

প্ৰাগজ্যোতিষ বাৰ্তা,উত্তৰ লক্ষীমপুৰ,৮ জুলাইঃ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্হানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ লখিমপুৰ বিভাগৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন,হৰিপুৰত ৬ জুলাইত উত্তৰ লখিমপুৰ আৰু পানীগাঁৱ সংকুলৰ পদাধিকাৰীসকলৰ সন্মিলন অনুষ্ঠিত হৈ যায়৷

লখিমপুৰ বিভাগ নিৰীক্ষক ৰঞ্জিত শইকীয়াই আতঁধৰা সন্মিলনখনত পদাধিকাৰীসকলক মাৰ্গদৰ্শন দিয়ে শিশু শিক্ষা সমিতি অসমৰ সভাপতি ড০ নিৰ্ম্মল কুমাৰ বৰুৱাই৷

১৬ নিকেতনৰ ৩০ জন পদাধিকাৰীয়ে অংশ গ্ৰহণ কৰা এই সন্মিলনত শিশু শিক্ষা সমিতি অসমৰ আজীৱন সদস্য ৰাজেশ মালপানী, লখিমপুৰ সংকুলৰ সংকুল প্ৰমুখ ঘন কান্ত নাথ আৰু হৰিপুৰ নিকেতনৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন নাওবৈচাৰ প্ৰধানচাৰ্য ভূপেন বৰাই অংশ লয় বুলি শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই সমিতিৰ মুখ্য কাৰ্যালয়ত সদৰী কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here