আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ গোলাঘাট জিলা আৰক্ষী প্ৰশাসঃ বন্ধ হ’ব বহু বিবাহ ভৱন, শ্বপিং মল, নাৰ্ছিং হোম

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,৯ জুলাইঃ আইন ভংগকাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে গোলাঘাট আৰক্ষী প্ৰশাসন।

আইন ভংগকাৰীৰ বিৰুদ্ধে ৯ জুলাই লৈকে ডেড লাইন বান্ধি দিছে গোলাঘাট আৰক্ষীয়ে ।

সততে গোলাঘাটত দেখা দিয়া তীব্ৰ যান জঁট সমস্যাৰ সমাধানৰ বাবে এইবাৰ গোলাঘাট আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।

আইন উলংঘাকাৰীক নাকী লগাবৰ বাবে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ৮ জুলাইত এক নাগৰিক সভাৰ জৰিয়তে আৰক্ষীয়ে গ্ৰহণ কৰা বিশেষ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে।

আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি যদিহে কাৰ্যক্ষেত্ৰত ৰূপায়ণ হয় তেনে বন্ধ হ’ব গোলাঘাট নগৰৰ মাজমজিয়াত থকা কেইবাখনো নাৰ্ছিং হোম, বিবাহ ভৱন আৰু এখন শ্বপিং মল।

গোলাঘাট আৰক্ষী থানাত কালি অনুষ্ঠিত সভাত গোলাঘাট পৌৰসভাৰ পৌৰপতি, যান বাহন পৰিদৰ্শক, গোলাঘাট জিলা পৰিবহণ বিভাগ, জিলাখনৰ বিভিন্ন দল সংগঠন আৰু জিলা সাংবাদিকসকলৰ উপস্থিতিত আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে যে , গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় পথছোৱাত যান বাহন পাৰ্কিং কৰাৰ ফলত যথেষ্ট যান জঁটৰ সৃষ্টি হোৱাৰ ফলত প্ৰতি দিনে চিকিৎসালয়লৈ অহা ৰোগীসকল যথেষ্ট হাৰাশাস্তিৰ সন্মুক্ষীন হৈ আহিছে।

সেয়েহে অহা ১০ জুলাইৰ পৰা টোকানী চাৰ্কুলৰ পৰা ১ নং ৰেল গেটলৈকে যান বাহন আস্থান কৰাত নিষেধাজ্ঞা জাৰি কৰি ন পাৰ্কিং জ’ন ঘোষণা কৰিছে।

এই স্থানত নিৰ্দিষ্ট দিনৰ পৰা কোনো লোকে এই নিৰ্দেশ অমান্য কৰিলে আইন অমান্য কৰাৰ অভিযোগত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে।

সেই স্থানৰ বিপৰীতে গোলাঘাট পৌৰসভাৰ দুমহলীয়া পাৰ্কিং ক্ষেত্ৰত ৰাখিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ বাবে গোলাঘাট পৌৰসভাই দুজন অভিজ্ঞ বাহন চলক নিয়োগ কৰা হৈছে বুলি উল্লেখ কৰি অধীক্ষকগৰাকীয়ে লগতে কয় যে, পাৰ্কিং নথকা নাৰ্ছিং হোম , বিবাহ ভৱন আৰু শ্বপিং মলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।

গোলাঘাট পৌৰসভাই নিৰ্দিষ্ট প্ৰতিষ্ঠানকেইখনক জাননী প্ৰেৰণ কৰাৰ পিছতো যদি বাহনৰ আস্থানৰ বাবে ব্যবস্থা গ্ৰহণ নকৰে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

আৰক্ষী অধীক্ষকগৰাকীৰ এনে কঠোৰ ব্যৱস্থা গ্ৰহণত উপস্থিত সকলোৱে প্ৰশংসা কৰে। কিন্তু এই নিৰ্দেশ কিমানদূৰ সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

উল্লেখযোগ্য যে, গোলাঘাটৰ যান জঁটৰ সমস্যা, যান বাহন আস্থান অবিহনেই বিবাহ ভৱনৰ অনুমতি, পৰ্যাপ্ত আস্থানৰ অবিহনেই বিশাল মেগা মাৰ্টক ব্যৱসায়িক অনুমতি প্ৰদান কৰাৰ সম্পৰ্কে সংবাদ মাধ্যমত পূৰ্বে বহুবাৰ প্ৰকাশ হৈছিল যদিও পূৰ্বৰ গোলাঘাট জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰিলে।

কিন্তু গোলাঘাটৰ বৰ্তমানৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কেইটামান মাহতে জনসাধাৰণৰ সমস্যা, চুৰি, ড্ৰাগছ সৰ্বৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here