প্ৰিয়ংকাৰ চেতিয়াৰ হত্যাকলৈ বৰডুমচাৰ মহঙত পুনৰ উত্তপ্ত পৰিস্থিতি

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ৯ জুলাইঃ তিনিচুকীয়া জিলা বৰডুমচা থানাৰ অন্তৰ্গত মহঙ গাঁৱত যোৱা দেওবাৰে স্বামী গৃহৰ লোকে হত্যা কৰি জ্বলাই দিয়া প্ৰিয়ংকাৰ চেতিয়া মৃতদেহ মৰোণোত্ত পৰীক্ষা পিছত ঘৰৰ পোৱাৰ পিছতে পুনৰ বৰডুমচাৰ পৰিস্থিতিৰ উত্তপ্ত হৈ পৰে।

উত্তেজিত ৰাইজে প্ৰিংয়কাৰ মৃতদেহ হত্যাকাৰী স্বামী গৃহৰ চোতালত সৎকাৰৰ বাবে ব্যৱস্থা কৰে।
ইয়াকে কেন্দ্ৰ কৰি আৰক্ষীৰ সৈতে ৰাইজৰ সংঘাত সৃষ্টি হয়।

উল্লেখ্য যে বৰডুমচা মহঙত যোৱা দেওবাৰে স্বামীৰ পৰিয়ালৰ শাহু আৰু নিজা স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ পাছত কেৰাচিন তেল ঢালি জ্বলাই দিয়ে প্ৰিয়ংকা চেতিয়া নামৰ বোৱাৰী গৰাকীক৷

বৰডুমচাৰ ৰিতুকঁঠালগুৰিৰ প্ৰিয়ংকা ( মণি )ই মাথো এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল মধু মৰাণ নামৰ যুৱক জনৰ সৈতে৷

সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সোমবাৰেও উত্তপ্ত হৈ পৰে সমগ্ৰ বৰডুমচা অঞ্চল ।

ইতিমধ্যে অভিযুক্ত স্বামী আৰু শাহুৱেকক আৰক্ষীয়ে আটক কৰাৰ পাছত সোমবাৰে সন্ধিয়া বোৱাৰীগৰাকীৰ মৃতদেহ সৎকাৰকলৈ স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

উত্তেজিত ৰাইজে অভিযুক্তৰ আগচোতালত মৃতদেহ সৎকাৰ কৰিবলৈ আকোৰগোজ হৈ থকাত প্ৰশাসনৰ সৈতে গাঁও বাসীৰ সৈতে তুমুল বাক বিতণ্ডাৰ সৃষ্টি হয়।

ৰাইজৰ উগ্ৰ মূৰ্তি দেখি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ প্ৰায় ১০ জাঁই গুলিচালনাৰ কৰিবলগীয়া হয়। শূণ্যলৈ গুলিচালনাৰ কৰিহে আৰক্ষীয়ে উত্তেজিত জনতাক ছত্ৰ ভঙ্গ দিবলৈ সক্ষম হয়।

ইমানৰ পিছতো কিন্তু উত্তেজিত ৰাইজে স্বামী গৃহৰ চোতালতে মৃতদেহ পুতি ৰাখে।

ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ বৰডুমচা অঞ্চল আজিও উত্তপ্ত হৈ আছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here