হোজাই জিলা ৱেব মিডিয়া সাংবাদিক সন্থাৰ এক অভিযানত উদঙালে ডবকা চহৰত চলি থকা এক অসামাজিক কাণ্ডৰ নগ্ন স্বৰূপ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৯জুলাইঃ অপৰাধীৰ ৰম্যভূমিত যেন পৰিণত হৈছে হোজাই জিলা ।

হোজাই জিলা প্ৰশাসনৰ মৌনতাৰ সুযোগ গ্ৰহণ কৰি হত্যা, হিংসা, লুণ্ঠনৰ পিছত এইবাৰ জুৱাৰ ঘাটিত পৰিণত হৈছে হোজাই।

এটাৰ পিছত আন ঘটনা উত্তেজনা মাৰ নৌযাওতেই এইবাৰ হোজাইৰ ডবকা জুৱাৰ ঘাটিত পৰিণত হৈছে।

উল্লেখযোগ্য যে ডবকাৰ মাজমজিয়াত আৰু পুলিচ পইণ্টৰ পৰা মাত্ৰ কেইমিটাৰমান নিলগত কেইদিনমানৰ পৰা অবৈধ জুৱাৰ ৰমৰমীয়া বেহা চলি আছিল।

আজি হোজাই জিলাৰ ৱেব মিডিয়া সাংবাদিক সন্থাৰ এক গোপন সূত্ৰৰ পম খেদি উক্ত জুৱাৰ ঘাটিত উপস্থিত হয়।

সাংবাদিকৰ কেমেৰা দেখি প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু পিছত দৌৰি পলায় যায়।

অতি পৰিতাপৰ বিষয় যে ডবকা আৰক্ষীৰ মৌনতাৰ সুযোগ গ্ৰহণ কৰি আৰক্ষী থানাৰ পৰা মাত্ৰ কেইমিটাৰ মান নিলগত দিন দুপৰতে এই অবৈধ জুৱাৰ ৰমৰমীয়া বেহা চলি থকাৰ কাৰণে উদ্বিগ্ন প্ৰকাশ কৰিছে সচেতন মহলে।

প্ৰশ্ন উঠিছে, বৃহৎ কমিচনৰ অংকত আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰি আছে নেকি ?

অপৰাধীক আটক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব নে হোজাই জিলা আৰক্ষী প্ৰশাসনে ?

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here