বিজেপি পূৱ গুৱাহাটী মন্ডলৰ সদস্য ভৰ্তি অভিযান আৰম্ভ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৯জুলাইঃ প্ৰাধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দিল্লীত কেন্দ্ৰীয়ভাৱে বিজেপি সদস্যৰ সদস্য ভৰ্তি অভিযান শুভাৰম্ভ কৰাৰ পিছতে অসমতো ইয়াৰ প্ৰভাব পৰা পৰিলক্ষিত হয়৷

পূৱ গুৱাহাটী মন্ডল বিজেপিয়ে আজি সন্ধিয়া আঁচনিখন শুভাৰম্ভ কৰে৷

ৰাজ্যৰ শিক্ষা মন্ত্ৰী তথা স্হানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই সদস্য ভৰ্তি আঁচনিখন মুকলি কৰে৷ পূৱ গুৱাহাটী মন্ডল সভাপতি উৎপল দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত ৰাজ্যিক আৰু গুৱাহাটী মহানগৰ জিলাৰ প্ৰতিনিধিয়ে অশংগ্ৰহণ কৰি সদস্য ভৰ্তি অভিযানৰ বিষয়ে বক্তব্য আগবঢ়াই৷

উল্লেখযোগ্য যে অনুষ্ঠানত মন্ডলৰ বিষয়ববীয়া, মৰ্চাৰ বিষয়ববীয়া লগতে বুথ সভাপতি তথা প্ৰায় তিনি শতাধিক সদস্য উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here