প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৯জুনঃ সাংসদ কুইন ওজাই উলুবাৰীত এক সম্বৰ্ধনা অনুষ্ঠানত অশংগ্ৰহণ কৰি দীপৰ বিল সন্দৰ্ভত এক বিৰূপ মন্তব্য আগবঢ়াছে৷
তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দীপৰ বিলৰ প্ৰদূষণৰ বাবে জগৰীয়া স্হনীয় বাসিন্দা৷
সাংসদ গৰাকীৰ মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে স্হনীয় ৰাইজৰ লগতে অসম জাতীয়তাবাদী পৰিষদ নামৰ সংগঠনটো জাঙুৰ খাই উঠে৷
আজি গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত এক সংবাদ মেলত সংগঠনটোৰ সভাপতি মহেন্দ্ৰ দাস আৰু বৃহত্তৰ বৰাগাঁও নাগৰিকৰ ঐক্যমঞ্চৰ সম্পাদক প্ৰদীপ কলিতাই যৌথভাৱে সংবাদ মেল সম্বোধন কৰি কয় যে সাংসদগৰাকীয়ে কোনো তথ্য নথাকাকৈ এনেকুৱা বিৰূপ মন্তব্য কৰাটো কোনো কাৰণতে সহ্য কৰা নহ’ব ৷
২৪ঘন্টাৰ ভিতৰত তেওঁ ক্ষমা খোজক অন্যথা আমি স্হানীয় ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম৷
তেওঁলোকে এইক্ষেত্ৰত চৰকাৰ প্ৰশাসনক দোষাৰোপ কৰি কয় চৰকাৰৰ ভুলৰ বাবে আজি দীপৰ বিল প্ৰদূষণেৰে ভৰি পৰিছে৷