হোজাইৰ কৰৈয়নীত অবৈধ কাঠ ফলা মিলত বন বিভাগৰ অভিযান

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৯জুলাইঃ আজি হোজাই জিলাৰ কৰৈয়নীত এটা ইঞ্জিনসহ বহু মূল্যৱান অবৈধ কাঠ জব্দ হয়।

অঞ্চলটোত দীৰ্ঘদিন ধৰি চলিছিল এই অবৈধ কাঠৰ বেহা।

আজি হোজাইৰ বন বিভাগ, মোৰাঝাৰ আৰক্ষী আৰু কাকী আৰক্ষীৰ সহযোগত চলোৱা হয় এই অভিযান।

এই অভিযানত জব্দ কৰা হয় অবৈধ কাঠ ফলা মিলত ব্যৱহৃত এটা ইঞ্জিন আৰু মূল্যবান কাঠ।

কৰৈয়নী গাঁৱৰ জাকিৰ হুছেইনৰ ঘৰৰ পৰা জব্দ কৰা হয় এটা ইঞ্জিন আৰু বহু মূল্যবান কাঠ।

লগতে হোজাই জিলাত চলি থকা বহুকেইখন অবৈধ কাঠ মিলৰ পৰা জব্দ কৰা হয় মূল্যবান কাঠ।

হোজাই জিলা বন বিভাগে আজি উৎখাত কৰিবলৈ সক্ষম হয় এই অবৈধ কাঠ মিলৰ সামগ্ৰীসমূহ।

আৰক্ষী আৰু হোজাই বন বিভাগৰ বৃহৎ এটা দলে কৰৈয়নী অঞ্চলৰ পৰা এই অবৈধ কাঠফলা মিলকেইটা উৎখাত কৰে।

আজি পুৱাৰে পৰা হোজাই জিলা বন বিভাগে অতি কৌশলেৰে এই মিলকেইটা উৎখাত কৰি কাঠফলা যন্ত্ৰসমূহ জব্দ কৰে।

অৱশ্যে, কাঠফলা মিলকেইটা জব্দ কৰে যদিও বনবিভাগে এই চোৰাং কাঠ ব্যৱসায়ীকেইজনৰ এজনো ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ’ল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here