ৰাজ্যত পুনৰ শিহৰণকাৰী দলবদ্ধ ধৰ্ষণৰ ঘটনাঃ বহিঃৰাজ্যৰ এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি ভাইৰেল কৰিলে ভিডিঅঃ কাকী আৰক্ষীৰ তৎপৰতাত জালত পৰিল ৪ ধৰ্ষণকাৰী

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৯জুলাইঃ ৰাজ্যত সংঘটিত হব ধৰা এটাৰ পিছত আনটোকৈ শিহৰণকাৰী দলবদ্ধ ধৰ্ষণৰ ঘটনাই শিহৰিত কৰি তুলিছে সকলোকে।

শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য ধৰ্ষণৰ ঘটনা।

দলবদ্ধ ধৰ্ষণতে ক্ষান্ত নাথাকি ধৰ্ষণৰ ভিডিঅ’ ভাইৰেল কৰিলে হোৱাটছ এপত।

এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ মাইলুত।

ঘটনা অনুসৰি ,স্বামীৰ পৰা বিচ্ছেদ হৈ বহিঃৰাজ্যৰ এইগৰাকী মহিলা কৰ্মসূত্ৰে আহি উপস্থিত হৈছিল পশ্চিম কাৰ্বিআংলঙত।

আৰু সন্ধিয়া মহিলা গৰাকীক অকলশৰীয়া অৱস্থাত লগ পাইছিল এই চাৰি যুৱক ক্ৰমে ৰাজেশ চৌহান,চন্দন চৌহান,চন্দিকা চৌহান,অজয় লৌহাৰে।

পিছত এই চাৰি যুৱকে কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনৰে মাইলুৰ চন্দন চৌহানৰ ঘৰলৈ নিয়ে।

আৰু নিশা অকলশৰীয়া মহিলা গৰাকীৰ সৈতে এই চাৰি যুৱকে অসৎ কাৰ্য চৰিতাৰ্থ কৰাতে ক্ষান্ত নাথাকি অপকৰ্মৰ সমগ্ৰ দৃশ্য আৱদ্ধ কৰিছিল মবাইলত।

ইফালে,পুৱা কাকী ৰামপুৰৰ ৰাজেশ চৌহান নামৰ লম্পটোৱে মহিলাগৰাকীক কৌশলৰে লৈ আনি কাকীৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহ কৰাই দিয়াৰ লগতে দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ হোৱাটছ এপ যোগে নিজ আত্মীয়লৈ প্ৰেৰণ কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

ক্ৰমাত ঘটনাটো পোহৰলৈ অহাত হোজাই জিলাৰ এগৰাকী অধিবক্তাই নিজাববীয়াকৈ কাকী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

গোচৰ ৰুজু হোৱাৰ পিছতেই আৰক্ষীয়ে অভিযান চলায় কাৰ্বিআংলঙৰ মাইলু আৰু কাকীৰ পৰা এই চাৰি লম্পটক‌ গ্ৰেপ্তাৰ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here