বৰডুমচাত ড্ৰাগছ সহ দুজন আটক

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,৯ জুলাইঃ সমগ্ৰ তিনিচুকীয়া জিলাখন এতিয়া ড্ৰাগছ, কাণি,মদ আদি মাদক দব্যৰে উপচি পৰিছে।

মাদক দ্ৰব্যৰ অৱাধ ব্যৱহাৰ ফলত জিলাখনত নিতৌ বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত হৈ আহিছে।

জিলাখনৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমা গাম্য অঞ্চলসমূহ এতিয়া ড্ৰাগছ, কাণি আদি মাদক দ্ৰব্য ঘাটিত পৰিণত হৈ পৰিছে ।

মাদক দ্ৰব্য অবাধ প্ৰচলনৰ ফলত উক্ত অঞ্চল সমূহত সামাজ্যিক শৈক্ষিক পৰিবেশ আদি বিনষ্ট হ’বলৈ ধৰিছে।

মহিলা সমিতি তথা দল সংগঠনসমূহে সময়ে সময়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে বিভিন্ন সজাগতা আৰু মাদক দ্ৰব্য ব্যৱসায়ীৰ ঘাটিসমূহত উচ্ছেদ অভিযান চলাই আহিছে যদিও মাদক দ্ৰব্য ব্যৱসায়ীক নাকী লগাব পৰা নাই।

দল সংগঠনসমূহৰ অভিযোগ যে আৰক্ষীয়ে ৰাইজে ধৰি দিয়া মাদক দ্ৰব্য ব্যৱসায়ীক ধনৰ বিনিময়ত এৰি দিয়ে।

ৰাইজৰ অভিযোগ প্ৰতিঅভিযোগৰ মাজতো কিন্তু সময়ে সময়ে আৰক্ষীয়ে অভিযান চলাই দুই এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেললৈ প্ৰেৰণ কৰি আহিছে।

আজিও আৰক্ষী আৰু আৱকাৰী বিভাগে এক যুটিয়া অভিযান চলাই দুজন লোকক আটক কৰে।

আটকাধীন দুজন সম্বন্ধত শহুৰ-বোৱাৰী।বৰডুমচাৰ এখন মাছ বজাৰৰ পৰা বৃহৎ মূল্যৰ ড্ৰাগছ সহ বৰডুমচা আৰক্ষী আৰু ডিগবৈৰ আবকাৰী বিভাগে উক্ত লোক দুজনক আটক কৰে।

আটকাধীন দুয়ো বৰডুমচাৰ ১ নং মহং গাঁৱৰ কংগ্ৰেছ মৰাণ আৰু ৰঞ্জিতা মৰাণ বুলি জানিব পৰা গৈছে।

তেওঁলোকে ড্ৰাগছখিনি বৰডুমচাৰ এখন মাছ বজাৰত বিক্ৰীৰ বাবে আনিছিল।

ডিগবৈ আবকাৰী আৰু বৰডুমচা আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা উদ্ধাৰ কৰিছে ২০ টাকৈ ড্ৰাগছৰ পেকেট।

এই ঘটনাই প্ৰমাণ কৰে যে ড্ৰাগছ ব্যৱসায়ে কেনেদৰে জিলাখনত ছানি ধৰিছে অঞ্চলটো।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here