প্ৰেছ ক্লাৱৰ বার্তালাপ অনুষ্ঠানত বিদ্যা ৰাও

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১০জুলাইঃ অসমীয়া ছবি জগতৰ খ্যাতনামা অভিনেত্ৰী বিদ্যা ৰাৱে গুৱাহাটী প্ৰেছ ক্লাৱত হ’ব লগা পৰৱৰ্তী ‘এই মাহৰ অতিথি অনুষ্ঠান’ত অংশগ্ৰহণ কৰিব।

অহা শনিবাৰ(১৩জুলাই)ৰ বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’ব লগা এই অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, ইয়াৰ ভৱিষ্যত আৰু ব্যক্তিগত উদ্যোগ সম্পৰ্কত সাংবাদিকৰে মত বিনিময় কৰিব।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ১২ জুলাই (শুক্ৰবাৰে)আবেলি ৪ বজাৰ পৰা প্ৰেছ ক্লাৱৰ সভাগৃহত বিদ্যা ৰাও অভিনীত আৰু পুলক গগৈ পৰিচালিত অসমীয়া ছবি সেন্দূৰ প্ৰদৰ্শন কৰা হ’ব।

ডঃ ভূপেন হাজৰিকা পৰিচালিত শংকুন্তলা(১৯৬১)ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা বিদ্যা ৰাৱে পিছলৈ মন মন্দিৰ,ঘৰ সংসাৰ, আজলী নবৌ,মা, মুকুতা, নিয়তি আদিত অভিনয় কৰে।

তেওঁ বহুকেইখন বঙালী চলচ্চিত্ৰতো অভিনয় কৰিছে য’ত উত্তম কুমাৰৰ দৰে শিল্পীও জড়িত হৈ আছিল।

তদুপৰি বিদ্যা ৰাৱে দূৰদৰ্শনযোগে প্ৰচাৰিত ধাৰাবাহিক সন্ধ্যাতৰা, বিষ বাষ্প, ১৪ আগষ্ট, আকাশী লতাৰ ৰং আদিতো অভিনয় কৰে।

বহু ঘাট প্ৰতিঘাটৰ পিছতো বিদ্যা ৰাৱে নিজৰ সাংস্কৃতিক জীৱন সজীৱ কৰি ৰাখিছে।অনুষ্ঠানত উপস্থিত থাকিবলৈ সাংবাদিক সকলক অনুৰোধ জনোৱা হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here