ইউ টিউব চেনেল খুলি বিপাঙত পৰিছে এজন যুৱকঃ চেনেলটোৰ পৰিচালক তাজ উদ্দিনৰ বিৰুদ্ধে গোচৰ সহকৰ্মীৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা পৰা ভূপেন্দৰ সিং বাবু,১০জুলাইঃ এটা ইউটিউব চেনেলে বিপাঙত‌ পেলাইছে এজন যুৱকক।

অৰ্থ উপাৰ্জনৰ লক্ষৰে মুকলি কৰা দা অল নেটৱৰ্কচ নামৰ মনোৰঞ্জনধৰ্মী চেনেলটো খুলি এতিয়া আৰক্ষী থানাৰ দ্বাৰস্থ হ’ব লগা হৈছে লংকা কাকীৰ এইজন যুৱক তাজ উদ্দিন।

চেনেলটোৰ পৰিচালক তাজ উদ্দিনৰ বিৰুদ্ধে উঠিছে ধন আত্মসাতৰ অভিযোগ।

আৰু এই অভিযোগ উত্থাপিত কৰিছে তেওঁৰ চেনেলটোত সহযোগিতা আগবঢ়োৱা তিনিজন সহকৰ্মীয়ে।

কিন্তু,এই অভিযোগ সম্পূৰ্ণ ৰূপে নসাৎত কৰিছে তাজ উদ্দিনে।

উল্লেখ্য যে,সাম্প্ৰতিক সময়ত উপাৰ্জনৰ অন্য এক মাধ্যম হৈছে ইউটুব ।তাজ উদ্দিন নামৰ নিৱনুৱা যুৱকজনে উপাৰ্জনৰ উদ্দেশ্যৰে ২০১৮ চনৰ মাৰ্চ মাহত ইউটিউব যোগে মুকলি কৰিছিল দা অল নেটৱৰ্কচ নামৰ মনোৰঞ্জন ধৰ্মী এই চেনেলটো।

প্ৰথমে,নিজা প্ৰচেষ্টাত মুকলি কৰা চেনেলটোক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দুটা বিশেষ চৰ্তত সহযোগিতা আগবঢ়াইছিল হিফজুৰ ৰহমান,ৱাহিদুৰ ৰহমান আৰু চাৰিমুল হুছেইন।

কিন্তু,সেই চৰ্ত ৰক্ষা কৰা নাছিল তাজ উদ্দিনৰ তিনি সহকৰ্মীয়ে।ইফালে,ইউটিউব চেনেলটোৱে বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ইউটিউবৰ নীতি অনুসৰি তাজ উদ্দিনৰ একাউন্টতত জমা হৈছিল প্ৰায় ২০ হাজাৰ টকা।

আৰু উক্ত ধনৰাশিৰ ভাগ বিচাৰি তিনি সহকৰ্মীয়ে বৰ্তমান ভাবুকি প্ৰদান কৰাৰ লগতে কাকী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

ইফালে,তাজ উদ্দিনৰ সৈতে সহযোগিতা আগবঢ়োৱা সময়ত দুয়োজনে চৰ্ত মানি নচলাৰ বাবে সেই ধন ৰাশিৰ তেওঁলোক অংশীদাৰ নহয় বুলি মত প্ৰকাশ কৰে যুৱকজনে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here