পুনৰ জীয়াঢ়ল নদীৰ তাণ্ডৱ

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,১০ জুলাইঃ ধেমাজি জিলা বৰদলনি অঞ্চলত জীয়াঢ়ল নদী বলিয়া বানৰ তাণ্দৱ ।

মূষলধাৰা বৰষুণৰ ফলত জীয়াঢ়ল নদীৰ পানী ওফন্দি অহাত বিভীষিকাময় পৰিবেশৰ লগতে বৰদলনি অঞ্চলৰ শতাধিক গাওঁ পানীত বুৰ যায়।

ক্ৰমে চৌখাম গাওঁ, বাঁহকতিকা ,মাজ গাওঁ, বুঢ়াকুৰি,বগলী জান,খনা কৃষ্ণ পুৰ,পানী মেৰানি আদি গাওঁ জলমগ্ন অৱস্থা পৰিলক্ষিত হয়।

পানী ফলত ৰাস্তা ঘাট সকলো খণ্ড-বিখণ্ড হয় আৰু চৰকাৰী কাৰ্যালয়সমূহ পানীয়ে বুৰাই পেলাইছে।

পশুধন বাবে খাদ্য নাটনিয়ে দেখা দিছে অঞ্চলটোত।বৰ্তমানেও চৰকাৰ পৰা কোনো ধৰণৰ সহাৰি পোৱা নাই বুলি বানাক্ৰান্ত ৰাইজে অৱগত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here