ডিগবৈত চিচি টিভি কেমেৰাত আবদ্ধ হ’ল দুৰ্ঘটনাৰ এক ভয়ংকৰ দৃশ্যঃ উদণ্ড বাইক চালকে মহতিয়াই নিলে পথচাৰী মহিলাক

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা,১০ জুলাইঃ তৈল নগৰী ডিগবৈত কম বয়সৰ উদণ্ড বাইক চালকৰ দৌৰাত্ম বৃদ্ধি পাবলৈ ধৰিছে ।

কেমেৰাৰ সন্মুখতে তীব্ৰবেগী বাইকে মহতিয়া নিলে এগৰাকী পথচাৰী মহিলাক৷

ঘটনাটো যোৱা ৬ জুলাইতে ডিগবৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল যদিও সমগ্ৰ ঘটনাটো এতিয়াহে পোহৰলৈ আহিছে ।

দুৰ্ঘটনাৰ সমগ্ৰ ভয়ংকৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ হৈ ৰ’ল। দুৰ্ঘটনাটোত গুৰুত্বভাৱে আহত হয় দিপা ফুকন নামৰ এগৰাকী মহিলা ।

দুৰ্ঘটনাত আহত দিপা ফুকন বৰ্তমান ডিব্ৰুগড়ৰ শংকৰদেৱ নাৰ্চিংহোমত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

উদণ্ড বাইক চালকক নাকি লগাবলৈ দাবী জনাইছে টাই আহোম যুৱ পৰিষদ আৰু আছুয়ে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here