নেৰানেপেৰা বৰষুণৰ ফলত চানমাৰি অমিয় নগৰত পথৰ খহনীয়া

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১১জুলাইঃ গুৱাহাটী মহানগৰীত যোৱা তিনিদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত কেইবাটাও ভুমিস্খলনৰ ঘটনা সংঘটিত হয়৷

মহানগৰীৰ চানমাৰি অঞ্চলৰ হলিচাইল্ডলৈ যোৱা অমিয় নগৰৰ এটি পথ ভুমিস্খলনৰ ফলত খহি পৰে৷

জি এম ডি এৰ অধিনত মাত্ৰ আঠমাহ পূৰ্বে এই পথটি নিৰ্মাণ কৰা হৈছিল৷

স্হানীয় ৰাইজৰ অভিযোগ অনুসৰি পথটি নিৰ্মাণৰ সময়ত উপযুক্ত গাৰ্ড ওৱাল দিয়া হোৱা নাছিল৷

যাৰ বাবে এই ঘটনাটো ঘটিবলৈ পালে৷

সম্প্ৰতি পথছোৱাৰে যাতায়ত ব্যহত হৈছে৷

ইয়াৰ বাবে অঞ্চলবাসী ৰাইজৰ যাতয়তৰ বাবে যথেষ্ট অসুবিধাৰ সল্মুখীন হৈছে৷

অতি শীঘ্ৰে পথচোৱা পুনৰ নিৰ্মাণৰ বাবে স্হানীয় ৰাইজে দাবী উত্থাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here