বিশ্ব সংবাদ কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত ‘দেৱাৰ্ষি নাৰদ জয়ন্তী’

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১১ জুলাইঃ ত্ৰিভূৱনত বিচৰণ কৰোতে সকলো প্ৰকাৰৰ সূচনা আৰু ঘটনাৰ জ্ঞাতা, সমাজৰ হিতৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডত বাতৰি সৰবৰাহ কৰি সাংবাদিকতাৰ বাট মুকলি কৰোতা দেৱৰ্ষি নাৰদ আছিল প্ৰকৃততে নিৰপেক্ষ সাংবাদিক।

তাৰেই পৰিপ্ৰেক্ষিতত বিশ্ব সংবাদ কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত বিগত চাৰিবছৰ ধৰি ‘দেৱাৰ্ষি নাৰদ জয়ন্তী’ উদযাপিত হৈ আহিছে।

নাৰদ জয়ন্তীৰ লগত সংগতি ৰাখি একোগৰাকী বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জনোৱা হৈ আহিছে।

ইতিমধ্যে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱা, ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, মহেন্দ্ৰ বৰুৱা, শশী ফুকনক বিগত বছৰ কেইটিত সম্বৰ্ধনা জনোৱা হয়।

যোৱা ৭জুলাইত দিশপুৰৰ পি ডব্লিউ ডি কনভেনচন হলত এই বছৰৰ নাৰদ জয়ন্তী উপলক্ষে অনুষ্ঠিত কাৰ্যক্ৰমত প্ৰবীন সাংবাদিক অনিল বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।

যদিও তেখেতে শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে তেখেতৰ পত্নী আৰু কন্যাই এই বঁটা গ্ৰহণ কৰে।

এই বঁটাত নগদ ৫০,০০০ টকা, মানপত্ৰ, গামোচা প্ৰদান কৰা হয়।

অনুষ্ঠানত তিনিগৰাকী বিশিষ্ট সাংবাদিক ক্ৰমে ৰঞ্জনলাল শৰ্মা, মানসপ্ৰতীম শৰ্মা আৰু জিষ্ণু মেধিক স্মৃতিচিহ্নৰে অভিনন্দন জনোৱা হয়।

অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগত বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে থাকে।

মুখ্য বক্তা হিচাপে উপস্থিত থাকি দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নুপুৰ শৰ্মাই সমাজ গঠনত সাংবাদিকসকলৰ ভূমিকা সম্পৰ্কত বিশদভাৱে ব্যখ্যা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here