প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১১ জুলাইঃ হোজাই জিলাৰ লংকা ৰে’ল ষ্টেচনত বুধবাৰে সন্ধিয়া উদ্ধাৰ বহু পৰিমানৰ নিচাযুক্ত টেৱলেট |
ৰে’ল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্মত গৰাকীবিহীনভাৱে পৰিত্যক্ত অৱস্হাত এটা মোনাৰ পৰা উদ্ধাৰ সম্পিছ পলাশ নামৰ নিচাযুক্ত টেৱলেটখিনি লংকা ৰে’ল ষ্টেচনৰ দৈনিক তালাচিত ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে|
মোনাটোৰ ভিতৰত ৩৪টা পলিথিনত সৰ্বমুঠ ২৪,৮২০ টা নিচাযুক্ত টেৱলেট জব্দ কৰে।নিচাযুক্ত টেৱলেটখিনিৰ মূল্য প্ৰায় ১/২ লাখ টকা হ’ব পাৰে।
লংকাৰ ৰে’ল আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ব্যক্তিক আটক কৰা নাই যদিও নিচাযুক্ত টেৱলেটখিনি বৰ্তমান ৰে’ল আৰক্ষীৰ জিম্মাত ৰখা হৈছে আৰু ঘটনাসন্দৰ্ভত লংকা ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে|
Facebook Comments