হাঁহচৰা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উদযাপনঃ সমাজ উত্তৰণত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব আৰু ভূমিকা

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ, হাঁহচৰা পৰা মুকুল বাইলুং, ১১ জুলাইঃ শিৱসাগৰ জিলাৰ হাঁহচৰা প্ৰেছ ক্লাবৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৯ জুলাইত হাঁহচৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰক্ষাগৃহত পালন কৰা হয়।

প্ৰথম কাৰ্যসূচীত পুৱাই প্ৰেছ ক্লাবৰ সাংবাদিকসকল আৰু স্থানীয় ৰাইজৰ সহযোগত চফাই আৰু গছৰ পুলি ৰোপণ কৰা হয়।

৯ বজাৰত প্ৰেছ ক্লাবৰ সভাপতিৰ ব্ৰজেন ফুকনে পতাকা উত্তোলন কৰে । ৯-৩০ বজাত বন্তি প্ৰজ্বলন কৰে ত্ৰৈলোক‍্য দত্তই।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় বিভিন্ন প্ৰতিযোগিতা। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতা বিচাৰকৰ গুৰু দায়িত্ব পালন কৰে চিত্ৰশিল্পী ৰিদিপ বৰুৱা আৰু য়াচিন জাহাংগীৰ খানে।

ইয়াৰ পিছতেই ‘মন এটি আশা’ৰ শিশুসকলে পৰিৱেশন কৰে এটি সমবেত সংগীত।

১১-৩০ বজাৰ পৰা সাধুকথা প্ৰতিযোগিতা আৰম্ভ হয়। সাধুকথা কোৱা প্ৰতিযোগিতা বিচাৰকৰ গুৰু দায়িত্ব পালন কৰে শিক্ষয়িত্ৰী মিনতি দত্ত আৰু শিক্ষয়িত্ৰী মিতালী শৰ্মাই।

বাতৰি পৰিৱেশন প্ৰতিযোগিতাত বিচাৰকৰ দায়িত্বত থাকে নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি বুলু চেতিয়া আৰু শিৱসাগৰ জিলাৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গগৈ উপস্থিত থাকে।

চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক ” শাখাত প্ৰথম স্থান অধিকাৰ কৰে অৰ্ণব বৰা ,দ্বিতীয় স্থান ভিভিয়ান বুঢ়া গোহাঁই , তৃতীয় স্থান শ‍্যলী কৰ্মকাৰ ,চতুৰ্থ স্থান অনুৰাগ ফুকন ।

‘খ’ শাখাত প্ৰথমস্থান ডেইজী শৰ্মা, দ্বিতীয় স্থান লগনা কৃষ্টি গগৈ, তৃতীয় স্থান আয়চেংফা গগৈ।

‘গ’ শাখাৰ প্ৰথম স্থান অম্লান জ‍্যোতি গগৈ, দ্বিতীয় স্থান অনুস্কা ফুকন, তৃতীয় স্থান কাব‍্যশী গগৈ, চতুৰ্থ স্থানত দুগৰাকী অনুস্কা বৰঠাকুৰ আৰু নীহাৰ নীলিম বুঢ়াগোহাঁই।

সাধুকথা কোৱা প্ৰতিযোগিতাৰ এটা শাখাত অনুষ্ঠিত কৰা হৈছিল প্ৰথম স্থান অংকুৰণ বৰুৱা দ্বিতীয় স্থান উদিচা বৰুৱা তৃতীয় স্থান দীপশিখা বৰগোহাঁই উদগনি দেবাংগ ঢ়েকিয়াল ফুকন আৰু গহনা চেতিয়া।

আনহাতে বাতৰি পৰিৱেশন প্ৰতিযোগিতাত প্ৰথম স্থান দেবাংগ ঢেকিয়াল ফুকন,দ্বিতীয় স্থান দিব্যাংকা বুঢ়াগোহাঁ‌ই,তৃতীয় স্থান সুকন্যা শইকীয়া পাবলৈ সক্ষম হয়।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুস্থিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি উপস্থিত থাকে শিৱসাগৰ বিশিষ্ট সাংবাদিক মনোজ বৰঠাকুৰ।

মুকলি সভাখনি সঞ্চালনা কৰে ভৰত চেতিয়াই।

মূল বিষয় “সমাজ উত্তৰণত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব আৰু ভূমিকা”সন্দৰ্ভত এই দৰে কয় যে ৰাইজ উৰ্দ্ধত সাংবাদিক নহয়,সাংবাদিকৰ গুৰু হ’ল ৰাইজ।

মুকলি সভাতে “আলোক এক বৰ্ণীল যাত্ৰাৰে” নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰে নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি জ‍্যেষ্ঠ সাংবাদিক বুলু চেতিয়াই।

হাঁ‌হচৰা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুস্থিত হয়।অনুস্থানটিত উপস্থিত থাকে সাংবাদিক ক্ৰমে বিপিন হাজৰিকা,ধ্ৰুৱ গগৈ,মুকুল বাইলুং,মনোজ দত্ত,নৱ বুঢ়াগোহাঁ‌ই,অনন্ত কলিতা,অংশুমান দত্ত,শিক্ষাবিদ মুনীন্দ্ৰ লাহন উপস্থিত থাকে।

অনুষ্ঠান ভাগি বিভিন্ন গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজৰ দিহা পৰামৰ্শ আৰু উপস্থিতিৰে অধিক সাফল্য মণ্ডিত কৰি তোলে এই কথা জানিবলৈ দিছে হাঁ‌হচৰা প্ৰেছ ক্লাবৰ সম্পাদক দেৱজ্যোতি বৰুৱা আৰু সভাপতি ব্ৰজেন ফুকনে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here