সাহিত্য সাংস্কৃতিক গোষ্ঠী ‘এনাজৰী’ৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ,হাঁহচৰা,১০ জুলাইঃ শিৱসাগৰ জিলাৰ হাঁহচৰা বেতবাৰী মৌজাৰ কেইজন মান জ্ঞান-পিপাষু উদীয়মান যুৱকৰ প্ৰচেষ্টাৰ গঢ়লৈ উঠা এনাজৰীয়ে ১২ বছৰ অতিক্ৰম কৰিব ১৩ জুলাই তাৰিখে।

সেই হেতুকে ১৩ জুলাই তাৰিখে খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত দিন যোৱাৰ কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে।

এনাজৰী পৰিয়াল বৰ্গয়ে ছাত্র-ছাত্ৰীসকলক সাহিত্য সাংস্কৃতিক দিশত এখোজ আগুৱাই নিয়াৰ মানসেৰে চিত্ৰাংকন ,কবিতা আবৃত্তি ,সাধুকথাৰ কোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ।

পুৱা ৯ বজাত পতাকা উত্তোলন, উত্তোলক ৰিদিপ বৰুৱা,সভাপতি। ৯-৩০ বজাত গছ পুলি ৰোপণ ৰোপক প্ৰশান্ত কোঁৱৰ উপ-সভাতি , পঙ্কজ শইকীয়া ,সম্পাদক , সমুদ্ৰ দুৱৰী সহ-সম্পাদক ।

দিনৰ ১২ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ , প্ৰতিযোগিতাৰ উদ্বোধক ব্ৰজেন ফুকন , মাহেকীয়া বাৰ্তা আলোচনীৰ “ৰংপুৰ বাৰ্তা”ৰ মুখ‍্য সম্পাদক ।বিয়লি ১-৪৫ বজাৰ পৰা অন্তৰংগ আলাপ “কোলাহলৰ নিৰ্জনতাত অনুভৱ”। প্ৰতিযোগিতাৰ সমান্তৰালভাৱে সাংস্কৃতিক কাৰ্য্যসুচী চলাই থাকিব।

এনাজৰীৰ বিষয়ববীসকলে উক্ত দিনটোত স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰাৰ লগতে ছাত্র-ছাত্ৰীসকলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here