প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১২ জুলাইঃ ভাৰতীয় জনতা পাৰ্টিয়ে ২০২১ ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক তৎপৰতা নিৰবিছিন্নভাৱে অব্যাহত ৰাখিছে।
২০২১ নিৰ্বাচনত ৯০ খনৰ অধিক বিধানসভাৰ আসন দখলৰ লক্ষ্যৰে বিজেপিৰ ৰাজ্যিক সমিতিৰ পৰা তৃণমূল পৰ্যায়ৰ বুথ সমিতিলৈকে সকলো সাংগঠিনক সমিতিক সক্ৰিয় কৰি তোলাৰ লগতে সদস্যতা ভৰ্তিৰ বাবে ৪০ লাখৰ লক্ষ্য লৈ সদস্য ভৰ্তি অভিযানত দলৰ সকলো স্তৰৰ কৰ্মী জড়িত হৈ পৰিছে বুলি মুখপাত্ৰ মুমিনুল আৱালে জানিবলৈ দিছে।
আজি প্ৰকাশিত এক বিবৃিতত মুমিনুল আৱালে কয় যে গুৱাহাটীৰ দিছপুৰস্থিত গড়কাপ্তানি বিভাগৰ প্ৰেক্ষাগৃহত ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সদস্যতা অভিযানৰ বিধানসভা সমষ্টিৰ তত্বাৱধায়কৰ সভাত সদস্যতা ভৰ্তিৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
দলটোৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক এই সদস্য ভৰ্তি অভিযানত জড়িত কৰিবৰ বাবে দলে ব্যৱস্থা গ্ৰহণ কৰিছে।
সভাত দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই সময় নিৰ্ধাৰিত কেইবাটাও কাৰ্যসূচী ৰূপায়নৰ বাবে নিৰ্দেশনা প্ৰদান কৰে।
পাঁচটাকৈ বুথ সামৰি দলে গঠন কৰা সাংগঠনিক গোট শক্তি কেন্দ্ৰত একোজনকৈ কাৰ্যকৰ্তাক সদস্যতা ভৰ্তি অভিযানৰ তদাৰক কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে।