সাংসদ দিলীপ শইকীয়াক অসমৰ সাংসদ গোটৰ মুখপাত্ৰ নিযুক্তি

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১২ জুলাইঃ বিজেপিৰ ৰাজ্যিক সমিতিৰ মুখপাত্ৰ মুমিনুল আৱালে

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে জানিবলৈ দিছে যে,

দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে অসমৰ সাংসদ গোটৰ মুখপাত্ৰ হিচাপে

মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক নিযুক্তি প্ৰদান কৰিছে।

ৰাজ্যিক সমিতিৰ তৰফৰ পৰা সাংসদ দিলীপ শইকীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই

মুমিনুল আৱালে কয় যে সংসদত দিলীপ শইকীয়াৰ নেতৃ্ত্বত অসমৰ সাংসদসকলে

অসমৰ স্বাৰ্থত সক্ৰিয়তাৰে আত্মিনয়োগ কৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here