বৰডুমচাৰ কঠালগুৰিত ১৯ কিলোগ্ৰাম গাঞ্জাসহ দুজনক আটক

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,১২ জুলাইঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ৰিতু কঠালগুৰি গাৱঁত যোৱাকালি পেঙেৰী থানাৰ আৰক্ষী আৰু বৰডুমচা থানাৰ আৰক্ষীৰ যুটীয়া অভিযানত প্ৰায় ১৯ কিলোগ্ৰাম নিচাযুক্ত সামগ্ৰী, গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কিৰছে।

ধৃত গাঞ্জা সৰবৰাহকাৰী দুজন

প্ৰাপ্ত তথ্য অনুসৰি কঠালগুৰি গাঁৱৰ সোণকন বৰুৱা আৰু মাকুমৰ ধনজ্যোতিয়ে এখন বলেৰ’ গাড়ীৰে বৰডুমচা ফালৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি পেঙেৰী অভিমুখে কঢ়িয়াই আনি থাকোতে এক গোপন সূত্ৰৰ পম খেদি পেঙেৰী আৰু বৰডুমচা আৰক্ষীয়ে চলোৱা যৌথ অভিযানত গাঞ্জাসহ দুয়োকে কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয় ।

আৰক্ষী প্ৰশাসনে নিচাযুক্ত দ্ৰব্য বিৰুদ্ধে গ্ৰহণ কৰা এনে পদক্ষেপক অঞ্চলটোৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

উল্লেখ্য যে পেঙেৰী আৰু বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাওঁসমূহত মাদক দ্ৰব্য অবাধ প্ৰচলন সৰ্বজন বিদিত ।

এই অঞ্চলসমূহত পান দোকান গেলামালৰ দোকান আদিতো মুক্তভাৱে মাদক দ্ৰব্য বিক্ৰী হৈ থকা বুলি বিভিন্ন সময়ত ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল।

মাদক দ্ৰব্য অবাধ প্ৰচলনৰ বাবেই উক্ত অঞ্চলসমূহত শৈক্ষিক, সমাজ্যিক পৰিবেশ বিনষ্ট হোৱাৰ লগতে বিভিন্ন অপৰাধ সংঘটিত হৈ আহিছে ।

শেষতীয়াভাৱে বৰডুমচা আৰু পেঙেৰী আৰক্ষীয়ে মাদক দ্ৰব্য বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here