প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১২জুলাইঃ অসমীয়া সংগীতৰ গতিধাৰা, ইয়াৰ স্বকীয়তা আৰু সুস্থ সংগীতৰ বাতাবৰণ অটুট ৰখাৰ ক্ষেত্ৰত ত্ৰি-সপ্তক সাংস্কৃতিক গোষ্ঠীয়ে বিগত কেইবাবছৰ ধৰি আপ্ৰাণ চেষ্টা চলাই আহিছে।
এই উদ্দেশ্যে ১৩ জুলাই শনিবাৰে চানমাৰীস্হিত তীৰ্থনাথ শৰ্মা সভাগৃহত পঞ্চম বাৰ্ষিক ‘এৰি অহা বাটৰ সুৰ’ শীৰ্ষক এক গীতৰ অনুষ্ঠান আয়োজন কৰিছে য’ত অসমৰ স্বনামধন্য সংগীত শিল্পীসকলৰ সংগীত পৰিবেশনৰ লগতে
জ্ঞাত অজ্ঞাত বাদ্যযন্ত্রী সকলকো স্মৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
উক্ত অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আশা কৰিছে উদ্যোগতাসকলে।
Facebook Comments