স্বাস্থ্যখণ্ডৰ স্বৰূপঃ আজিও গভৰ্ৱতী মহিলাক ঠেলাগাড়ীতেই আনিব লগা পৰিৱেশ চিকিৎসালয়লৈ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১২জুলাইঃ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ শ্ল’গান আওৰাই থাকিলেও ৰাজ্যখনৰ সৰ্বত্ৰে যে আজিও স্বাস্থ্যখণ্ডৰ সেই পঁয়ালগা অৱস্থায়ে বিৰাজ কৰি আছে তাৰেই এক ছৱি দাঙি ধৰিছে হোজাই জিলাৰ লংকাৰ কাকীৰ এক ঘটনাই৷

নৱগঠিত হোজাই জিলাখনত আজিও পৰ্যাপ্ত নহ’ল স্বাস্থ্যসেৱাৰ দ্ৰুত উন্নয়ণৰ ব্যৱস্থা।

তাৰেই এক জীয়া ছৱি দাঙি ধৰিছে জিলাখনৰ কাকী গ্ৰামাঞ্চলৰ এগৰাকী গভৰ্ৱতী মহিলাক ঠেলাৰে হাস্পতাললৈ অনাৰ দৃশ্যই।

ৰাজ্যৰ দুটাকৈ বিয়াগোম বিভাগ স্থাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাই সদায়ে ঢাকঢোল বজাই আহিছে বিভাগ দুটাৰ।

কিন্তু তেওঁৰ স্বাস্থ্য বিভাগৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী সময়তে উপস্থিত নোহোৱাৰ লগতে তেওঁৰেই দায়িত্বত থকা গড়কাপ্তানী বিভাগটোৰ অধীনৰ পকীপথ তথা পথৰ সুবিধাজনক ব্যৱস্থা নথকাৰ বাবেই স্বাস্থ্যসেৱাৰ অত্যন্ত জৰুৰী মৃত্যুঞ্জয় সেৱা চলাচলৰ অসুবিধাৰ অজুহাত দেখুৱাই মৃত্যুঞ্জয়েও হেতালি খেলি আহিছে গ্ৰামাঞ্চল দুখীয়া ৰোগীৰ জীৱনক লৈ।

গ্ৰামাঞ্চলৰ স্বাস্থ্যসেৱা উন্নয়ণেই চৰকাৰখনৰ মূল লক্ষ্য যদিও আজিও গ্ৰামাঞ্চলত ব্যাহত এই সেৱা।

উন্নয়ণৰ ঢাকঢোল বজোৱা চৰকাৰখনৰ সংশ্লিষ্ট বিভাগটোৰ মন্ত্ৰী তথা ৰাজ্যখনৰ প্ৰতাপী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই গ্ৰামাঞ্চলৰ খবৰ ৰাখিছেনে ?

কালি বৃহত্তৰ কাকী গ্ৰামাঞ্চলৰ অন্তৰ্গত কাকী বনাঞ্চলৰ এগৰাকী গভৰ্ৱতী মহিলাই কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এটি সন্তান প্ৰসৱ কৰে, কিন্তু নিশা তেওঁক ঠেলাৰে কঢ়িয়াই আনিহে প্ৰসৱ কৰাবলগীয়া হোৱা ঘটনাই স্বাস্থ্যখণ্ডৰ আচল স্বৰূপটো উদঙাই দিয়াৰ সমান্তৰালভাৱে স্থানীয় ৰাইজক ক্ষুব্ধ কৰি তুলিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here