সাংবাদিক আৰু সংবাদ মাধ্যমৰ স্বাধীনতা দেশৰ সুস্থিৰতাৰ মাপকাঠি

সংবাদ মাধ্যমক ভাৰতত গণতন্ত্ৰ চতুৰ্থ স্তম্ভ আখ্যা দিয়া হয়। সংবাদ মাধ্যমৰ দায়িত্ব নিৰপেক্ষভাৱে যিকোনো খবৰ জনসাধাৰণৰ সন্মুখত তুলি ধৰাটো। সেইবুলিয়ে অৱশ্যে সংবাদ মাধ্যম বা সাংবাদিকসকলেও আইনৰ গণ্ডীৰ ভিতৰত থাকিহে বাতৰি পৰিৱেশন কৰাটো এটা সাংবিধানিক কৰ্তব্য।সাংবাদিকক বা সংবাদ মাধ্যমক যদিওবা নিৰপেক্ষ বুলি কোৱা হয়, সমস্ত মাধ্যমটো কিন্তু জনসাধাৰণৰ প্ৰতি দায়ৱদ্ধ থকা উচিত। সাম্প্ৰতিক বিশ্বত বিশেষকৈ ভাৰতত জনসাধাৰণৰ প্ৰতি সংবাদ মাধ্যমৰ দায়ৱদ্ধতা ক্ৰমশঃ কমি অহাটো পৰিলক্ষিত হৈছে। ইয়াৰ অন্যতম কাৰণ সংবাদ মাধ্যমৰ মালিক পক্ষৰ কোনো ৰাজনৈতিক অথবা পুঁজিপতিৰ প্ৰতি থকা আনুগত্য। আনহাতে সামাজিক উশৃংখলতা, সন্ত্ৰাসৰ পটভূমিয়েও সাংবাদিকৰ স্বাধীনতা তথা সামাজিক দায়বদ্ধতাক ক্ৰমাগতভাৱে হ্ৰাস কৰি আনিছে।

সংবাদ মাধ্যমৰ স্বাধীনতাৰ মাপকাঠিৰে ৰাষ্ট্ৰ এখনৰ সামাজিক, আৰ্থিক তথা গণতান্ত্ৰিক স্থিতাৱস্থাক সহজে অংকিত কৰিব পাৰি।তাপমান বৃদ্ধিৰ লগে লগে পাৰাৰ আয়তন বঢ়া প্ৰক্ৰিয়াটোক ব্যৱহাৰ কৰি যিধৰণে মানুহৰ শৰীৰৰ উত্তাপ নিৰূপণ কৰিব পৰা যায়, একেটা প্ৰক্ৰিয়াৰে সংবাদ মাধ্যমৰ স্বাধীনতাৰ মাপকাঠিৰেও দেশ এখনৰ আভ্যন্তৰীণ অৱস্থা-দুৰাৱস্থা সহজে নিৰূপণ কৰিব পৰা যায়।

বিশ্ব সংবাদ ইনডেক্সৰ তথ্য অনুসৰি ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ স্বাধীনতা ক্ৰমশঃ হ্ৰাস পাই আহিছে। ২০১৮ চনত ভাৰতবৰ্ষ সংবাদ মাধ্যমৰ স্বাধীনতাৰ তালিকাত স্থান আছিল ১৩৮ নম্বৰ কিন্তু ২০১৯ ত ভাৰতবৰ্ষৰ স্থান হৈছেগৈ ১৪০৷

এই পৰিসংখ্যাই ভাৰতবৰ্ষৰ ক্ৰমশঃ হ্ৰাসপ্ৰাপ্ত আভ্যন্তৰীণ সামাজিক  সুস্থিৰাৱস্থাৰ কথাও সহজে প্ৰতিফলিত কৰে। ভাৰতবৰ্ষত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা সন্ত্ৰাসবাদে সংবাদ মাধ্যমৰ স্বাধীনতাক পণবন্দী কৰাৰ সমান্তৰালভাৱে ভাৰতৰ ক্ষমতালিপ্সু ৰাজনৈতিক দলসমূহো কিন্তু সমানে জগৰীয়া। ৰাজনৈতিক দলসমূহে সততে নিজৰ স্বাৰ্থ সিদ্ধিৰ হেতু সাংবাদিকসকলক বিপথে চালিত কৰিবলৈ উন্মুখ হৈ থকা পৰিলক্ষিত হয়।

আনাহাতে ভাৰতীয় সংবিধানত সংবাদ মাধ্যমৰ স্বাধীনতা (Freedom of Press)সন্নিৱিষ্ট কৰা নাই, ইয়াত সংবাদ মাধ্যমৰ স্বাধীনতাকো বাক্ স্বাধীনতা(Freedom of Speech)ৰ আওতাতে ৰখা হৈছে। ইও ভাৰতীয় সংবাদ মাধ্যমৰ স্বাধীনতাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে নেকি, বিষয়টো চিন্তনীয় !

নৰৱে, ফিনলেণ্ড, ছুইডেন আদিৰ দৰে সৰু ৰাষ্ট্ৰই সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে ভাৰতবৰ্ষৰ স্থান ১৪০ হোৱাটো নিশ্চিতভাৱে দুৰ্ভাগ্যজনক। সন্ত্ৰাসবাদৰ আগ্ৰাসন ৰোধ কৰিয়েই সংবাদ মাধ্যমৰ স্বাধীনতাক সুৰক্ষিত কৰিব পৰা হ’লে ভৱিষ্যতে এটা আশাৰ সম্ভাৱনা আমি নিশ্চিতৰূপে দেখা পালোহেঁতেন।কিন্তু অন্যটো কাৰক ৰাজনৈতিক অভিসন্ধিসমূহক ৰোধ কৰাটো প্ৰশাসনীক যন্ত্ৰৰ দ্বাৰা সম্ভৱ হ’ব বুলি ধাৰণা নহয়।স্বাৰ্থলিপ্সু ৰাজনৈতিক দলসমূহে প্ৰলোভন প্ৰশ্ৰয় আৰু অনৈতিক হস্তক্ষেপৰ হাতোৰা যেতিয়ালৈকে সংবাদ মাধ্যমৰ ওপৰৰ পৰা আঁতৰাই নাৰাখিব তেতিয়ালৈকে ভাৰতীয় সংবাদ মাধ্যমে স্বাধীনতা লাভ কৰিব নোৱাৰিব।

এইটোৱে ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটোও দুৰ্বল কৰি ৰাখি দেশৰ জনসাধাৰণকো প্ৰকৃত স্বাধীনতা উপভোগৰ পৰা সদায়ে বঞ্চিত কৰি ৰাখিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here