প্ৰাগজ্যোতিষ বাৰ্তা,মণীষা শৰ্মা,গুৱাহাটী,১২জুলাইঃ বৰ্তমান সময় সৌন্দৰ্য চর্চাই সমগ্ৰ ভাৰত ভাৰতবর্ষতে এক বিশেষ সমাদৰ লাভ কৰিছে।
অলপতে গুৱাহাটীস্হিত প্ৰাগজ্যোতিষ আই আই টি সাংস্কৃতিক প্ৰকল্প (মাছখোৱা)ত অনুষ্ঠিত হোৱা ‘ইণ্ডিয়া ইন্টাৰনেশ্বনেল ষ্টাৰ আইকণ-৩’ শীৰ্ষক প্ৰতিযোগিতাত অসমৰ কিশোৰ কুমাৰ নাথে ইণ্ডিয়া ইন্টাৰনেশ্বনেল ষ্টাৰ আইকন ৱৰ্ল্ড ২০১৯ খিতাপ জয় কৰিবলৈ সক্ষম হয়।
য’ত অসমৰ লগতে ভাৰতবৰ্ষৰ কেইবা ঠাইৰো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে কিশোৰ কুমাৰ নাথে ২০২০ চনত বেংককত অনুষ্ঠিত হ’ব লগা ইন্টাৰনেশ্বনেল প্ৰেজেন্ট ষ্টাৰ আইকণ প্ৰতিযোগিতাত ভাৰতবর্ষক প্ৰতিনিধিত্ব কৰিব, এই উদ্দেশ্যে ১২ জুলাইট গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰি এই ক্ষেত্ৰত অসমবাসী ৰাইজৰ সহযোগিতা,আশীৰ্বাদ আৰু মৰম বিচৰাৰ লগতে নিজৰ লক্ষ্য উদ্দেশ্যৰ কথা ব্যক্ত কৰে।
Facebook Comments