কপিলী নৈৰ বাঢ়নি পানীয়ে বুৰালে লংকাৰ পাৰ্শ্বৱৰ্তী কেবাটাও অঞ্চলঃ বানত বুৰ গ’ল বাসগৃহৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি পথাৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৩জুলাইঃ ৰাজ্যত ক্ৰমাত জটিলৰ পৰা জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে।

বানৰ বিভিষীকাময় পৰিস্থিতিত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত।

লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত লস্কৰপথাৰ,উত্তৰ লস্কৰপথাৰ আৰু ফৰমাৰ অঞ্চলৰ অৱস্থাও ভয়াবহ।

এক সাগৰ সদৄশ পৰিবেশ,চাৰিও দিশে কেৱল পানী আৰু পানী।

যোৱা কেইবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ক্ৰমাত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বাঢ়নী পানীয়ে ইতিমধ্যে অঞ্চলকেইটা বুৰাই পেলোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বৰ্তমান পানীৰ তলত।

ইফালে,আন এক গুৰুত্বপূৰ্ণ বিষয় এই যে বলিয়া বানৰ তাণ্ডৱত সমগ্ৰ অঞ্চলকেইটা বুৰ গৈ থকাৰ সময়তে আন এক আতংকৰ বাবে এতিয়া ত্ৰাহিমধূসূধন সুঁৱৰিব লগা হৈছে বানাক্ৰান্ত ৰাইজে।

কাষৰীয়া বনাঞ্চলত পানী সোমোৱাৰ বাবে খাদ্য আৰু বাসস্থানৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে নিশা উক্ত অঞ্চলকেইটাত প্ৰৱেশ কৰাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here