হোজাইত কেমেৰাৰ সন্মুখতে বানে উটুৱাই নিলে তিনিজন লোকক

প্ৰাগজ্যোষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৩জুলাইঃ কেমেৰাত বন্দী হ’ল এক ভয়ংকৰ দৃশ্য। হোজাইত বলিয়া বানে উটুৱাই নিলে তিনিজন লোকক।

কপিলী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে লোককেইজনক। হোজাইৰ পৰা পশ্চিম কাৰ্বি আংলং সংযোগী ৰাজ্যিক ঘাইপথত সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা।

পথ অতিক্ৰম কৰোতে পানীৰ কোবাল সোঁতে উটুৱাই নিলে এজন লোকক। লোকজনক উদ্ধাৰ কৰিবলৈ গৈ পানীত উটি গ’ল আৰু দুজন লোক।

পানীৰ কোবাল সোঁতে উটুৱাই নিয়া লোককেইজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here