ৰাজ্যত এনকেফেলাইটিছৰ সংহাৰী ৰূপঃ জাপানী এনকেফ্লাইটিছত ৭১ জনৰ মৃত্যু

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৩জুলাইঃ ৰাজ্যৰ বিভিন্ন জিলাত এনকেফেলাইটিছ ৰোগে ভয়ংকৰ ৰুপ ধাৰণ কৰিছে ৷ চৰকাৰী তথ্য অনুযায়ী এতিয়ালৈকে মুঠ ১২৮০ গৰাকী ব্যক্তি এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে৷

ইয়াৰে ৩৩৪ গৰাকীয়ে জাপানী এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হয়৷

ৰাজ্যত এতিয়ালৈকে জাপানী এনকেফেলাইটিছত মুঠ ৭১ গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ পায়৷

সম্প্ৰতি মহামাৰী ৰূপত আৰ্বিভাৱ হৈছে এনকেফেলাইটিছ ৰোগ৷এইক্ষেত্ৰত চৰকাৰ তথা স্বাস্থ্য বিভাগে যি ধৰণে পদক্ষেপ ল’ব লাগিছিল তেনেকুৱা পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থৈপন হৈছে৷

আৰু সাধৰণ নাগৰিকে জাপানী এনকেফেলাইটিছ ৰোগ বিধৰ প্ৰতিৰোধৰ বাবে যাবতীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগক আহ্বান জনায় ৷

আনহাতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা মতে, ৰোগীৰ বাবে পৰ্যপ্ত ঔষধ উপলব্ধ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here