সৰুসজাইত শংকৰদেৱ বিদ্যা নিকেতনৰ খেলুৱৈৰ সাফল্য

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৩ জুলাইঃ ধিং এক্সপ্ৰেছ খ্যাত হীমা দাসৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক বিজয়ৰ এবছৰ পূৰ্ত্তি উপলক্ষে গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত ৪০০মি.দৌৰ প্ৰতিযোগিতাত বিদ্যা ভাৰতীৰ অন্তৰ্গত শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাৰ ১২বছৰ অনুৰ্ধ্বৰ ছোৱালীৰ শাখাত খুচবু গৌড়ে প্ৰথম
আৰু জাহ্নৱী গগৈয়ে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

১৬বছৰ অনুৰ্ধ্বৰ ছোৱালীৰ শাখাত দ্বিতীয় স্থান লাভ কৰিছে ময়ুৰী গগৈয়ে আৰু
শিৱানী গোহাঞিয়ে তৃতীয় স্থান দখল কৰিছে।

১৬বছৰ অনুৰ্ধ্বৰ ল’ৰাৰ শাখাত তৃতীয় লাভ কৰিছে ৰাজু দৈমাৰীয়ে।

প্ৰতিযোগিতাৰ অন্তত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ ল’বলগীয়া শংকৰদেৱ শিশু -বিদ্যা নিকেতনৰ খেলুৱৈৰ বাবে আয়োজন কৰা প্ৰশিক্ষণ শিবৰৰ মুখ্য প্ৰশিক্ষক নিপন দাসে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে কয় যে-‘নিত্য নৈমিতিক অভ্যাস গঢ়ি তুলিলে জীৱনত সফলতা অৰ্জন কৰিব পাৰি।’

প্ৰতিযোগিতাত স্থান প্ৰাপ্ত খেলুৱৈসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হয় বুলি শিশু শিক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here