ভাৰতীয় জনতা যুৱ মৰ্চাৰ ‘ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা’ৰ আয়োজন

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৩জুলাইঃ অহা ১৪ জুলাইৰ পুৱা ১০-৩০বজাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ‘ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা’ এখনৰ আয়োজন কৰা হৈছে।

গুৱাহাটীস্হ গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুস্থিত হ’বলগা উক্ত সভাখনত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক উপসভাপতি বিজয় গুপ্তা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ লগতে অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মণ আৰু ৰাজ্যিক নেতাসকল উপস্থিত থাকিব ৷

উক্ত ‘ৰাজ্যিক কাৰ্যনিৰ্বাহক’ সভাৰ শুভাৰম্ভৰ সময়চোৱাত সকলো বৈদ্যুতিক / ছপা মাধ্যমৰ সাংবাদিক আৰু ফটো সাংবাদিক প্ৰতিনিধিৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আহ্বায়ক মণ্ডলীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here