প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,১৫জুলাইঃ সোৱণশিৰী নদীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।
ধেমাজি, লখিমপূৰ আৰু মাজুলী জিলালৈ আহিছে বিপদৰ আগজাননী।
অৰুণাচল প্ৰদেশত মূষলধাৰ বৰষুণৰ ফলত সোৱণশিৰী নদীৰ জলপৃষ্ঠ বাঢ়িব ধৰে।
ইয়াৰ ফলত সোৱণশিৰী জল বিদ্যুৎশক্তি প্ৰকল্পৰ মূল বান্ধৰ ওপৰেদি পানী বাগৰি যোৱা পৰিলক্ষিত হয়।
ক্ৰমানে ফেনে-ফুটুকাৰে পানী বঢ়া বাবে দাঁতি কাষৰীয়া গাঁৱৰ ৰাইজৰ চকুত টোপনি নাই।
যদি সোৱণশিৰী নদীৰ পানীয়ে এই বান্ধ ভাগি চূৰমাৰ কৰে তেন্তে ধেমাজি জিলা, লখিমপূৰ জিলা আৰু মাজুলী জিলালৈ ভয়ংকৰ বিপদ নামি আহিব।
ইয়াকে লৈ স্থানীয় ৰাইজ চিন্তাত পৰিব লগা হৈছে।
Facebook Comments