ভাজপা নেতা দীপ বৰবৰাৰ বিয়োগত ৰাজ্যিক সভাপতি ৰঞ্জিতকুমাৰ দাসৰ শোক প্ৰকাশ

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,১৫ জুলাইঃ সৰুপথাৰৰ বিশিষ্ট উদ্যোগপতি,সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ সৰুপথাৰ মণ্ডল সমিতিৰ সভাপতি, জ্যেষ্ঠ ভাজপা নেতা দীপ বৰবৰাৰ ১৫ জুলাইৰ বিয়লি ১২-২০ বজাত পৰলোক প্ৰাপ্তি হয় ।

বৰবৰাৰ আকস্মিক বিয়োগত ভাজপাৰ ৰাজ্যিক সভাপতি ৰঞ্জিতকুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে৷

জিলা ভাজপালৈ প্ৰেৰণ কৰা এটা বাৰ্তাত সভাপতিজনে বৰবৰাৰ বিয়োগত ভাজপাই এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তাক হেৰুওৱা বুলি মন্তব্য কৰে৷

তেখেতে কয়- ‘দেশ, জাতি আৰু সমাজৰ বাবে বৰবৰা ডাঙৰীয়াই কৰা ত্যাগক আগন্তুক দিনত ভাজপাই শ্ৰদ্ধাৰে সোঁৱৰিব৷’

ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সমিতিৰ সমূহ কাৰ্যকৰ্তাৰহৈ জিলা সভাপতি দেৱজিত বৰাই আজি পুৱা প্ৰয়াত বৰবৰাৰ নশ্বৰদেহত দলীয় পতাকা আৰু পূস্পাঞ্জলিৰে শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

ভাজপাৰ জ্যেষ্ঠ নেতা অমিয় বৰা, জিলা সমিতিৰ সাধাৰণ সম্পাদক সীমান্ত বৰা, উপসভাপতি জুনু গগৈ, প্ৰনৱ গগৈ, দ্বীপন শ্যাম, সম্পাদক ৰাজীৱ শইকীয়া, মহিলা মৰ্চাৰ সভানেত্ৰী টুটুমনি বৰা প্ৰমুখ্যে নেতৃবৃন্দই প্ৰয়াত বৰবৰাৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷

বিয়লি জিলা ভাজপাৰ কাৰ্যালয়ত এক শোকসভা অনুষ্ঠিত হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here