প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং,১৫ জুলাইঃ ৰাজ্যখনৰ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াবলৈ সক্ষম হোৱা ২০০৭ চনতে জন্ম লাভ কৰা অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান এনাজৰীৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস ১৩জুলাইত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷
শিৱসাগৰ জিলাৰ খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এনাজৰীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় কোলাহলৰ নিৰ্জনতাত অনুভৱৰ অন্তৰংগ আলাপ অনুষ্ঠান৷
এনাজৰীৰ গোষ্ঠীৰ উদীয়মান যুৱক চাৰিগৰাকী হ’ল অনাতাঁৰ কেন্দ্ৰৰ ঘোষক মাধুৰ্য চেতিয়াই, চিত্ৰশিল্পী ৰিদিপ বৰুৱা,শিক্ষক নিলাঞ্জন মহন্ত আৰু শিক্ষক পঙ্কজ শইকীয়াই আঁতধৰা অনুষ্ঠানটিত শিশুসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ কবিতা আবৃত্তি,সাধু,গীত মাত পৰিবেশনে অনুষ্ঠানটি জীপাল কৰি তোলে৷
উদীয়মান শিল্পীৰ নাট্য সংলাপে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে৷
কেইজনমান অধ্যয়ণপিপাসু সাহিত্যনুৰাগী যুৱকৰ প্ৰচেষ্টাত ২০০৭ বৰ্ষতে প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটিয়ে খেলুৱাৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ শিশুসকলক এক সুকীয়া স্থান দিবলৈ সক্ষম হৈছে৷
সেউজৰ দিশেৰে অবিৰত যাত্ৰা কৰি ১৩ টা বসন্তত ভৰি দিয়া এনাজৰীৰ আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সভাপতি ৰিদীপ বৰুৱাই৷
গছপুলি ৰোপণ কৰে সম্পাদক পঙ্কজ শইকীয়া,সহ সম্পাদক সমুদ্ৰ দুৱৰী,গীত মাত কবিতা নাটকৰ সংলাপেৰে জীপাল হৈ পৰা অনুষ্ঠানত শিক্ষাবিদ,সমাজকৰ্মী ভৰত চেতিয়া, সমাজকৰ্মী তথা ৰংপুৰ বাৰ্তাৰ সম্পাদক ব্ৰজেন ফুকন,শিক্ষক পুণেশ্বৰ চেতিয়া, শিক্ষক অনিল গগৈ,জয়ন্ত কোঁৱৰ, অধিবক্তা সাংবাদিক দেৱজ্যোতি বৰুৱা,সাংবাদিক বিপিন হাজৰিকা, সাংবাদিক মুকুল বাইলুং, গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰৱক্তা পংকজ প্ৰতীম হাজৰিকা,চিত্ৰশিল্পী গৌতম ঢেকিয়াল ফুকন, শিক্ষক নিৰোদ গগৈ, লোকবাদ্য শিল্পী নিৰ্মল বৰুৱা, গৱেষক ছাত্ৰ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ উৎপল মেছ, শিক্ষক বিধান হাজৰিকা,শিক্ষয়িত্ৰী প্ৰণামী চেতিয়া, শিক্ষক বিপ্লৱ জ্যোতি বঢ়া লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুভৱৰ মাজেৰে সাৰুৱা বক্তব্য আগবঢ়ায়৷
প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ৰংপুৰ বাৰ্তাৰ মুখ্য সম্পাদক ব্ৰজেন ফুকনে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত ‘ক’ শাখাত প্ৰথম গৌৰৱ চেতিয়া, দ্বিতীয় অনুৰাগ ফুকন,তৃতীয় আৰাধ্য মোহন।’খ’ শাখাত অভিশ্ৰুতি কোঁৱৰ,দ্বিতীয় প্ৰেৰণা প্ৰিয়ৰ্দশীনী বাইলুং, তৃতীয় অনুভূতি ফুকন ।
‘গ’ শাখাত প্ৰথম অম্লান গগৈ,দ্বিতীয় জ্যোতিস্মিতা হাজৰিকা,তৃতীয় অনুস্কা ফুকন।সংগীত প্ৰতিযোগিতাত প্ৰথম অনন্যা কোঁৱৰ,দ্বিতীয় উদীচি বৰুৱা,তৃতীয় চয়নিকা মাউৎ।
কবিতা আবৃত্তি প্ৰতিযোগিতা প্ৰথম অনন্যা কোঁৱৰ , দ্বিতীয় উদীচি বৰুৱা , তৃতীয় চয়নিকা মাউৎ ।ছাত্র-ছাত্ৰী অভিভাৱক সহ শতাধিক দৰ্শকৰ উপস্থিত হোৱা অনুষ্ঠানটো সফল সমাপ্তি হয়।