প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰা,১৫ জুলাইঃ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত এম জি এম কণিষ্ঠ মহাবিদ্যালয়ৰ ১৩ জুলাইত দশম সংখ্যক নৱাগত আদৰণি সভা সম্পন্ন হৈ যায়।
এই নৱাগত আদৰণি সভাত সভাপতিত্ব কৰে এম জি এম কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তুলসী শেনছোৱাই।
নৱাগতা আদৰণি সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গেলেকী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেশ চেতিয়া।
শিমলুগুৰিৰ সংবাদাতা জয়ন্ত বৰুৱা। এই নৱাগত আদৰণি সভাত অতিথি সুৰেশ চেতিয়াই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বহুতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী প্ৰদৰ্শন কৰে।
নৱাগতা আদৰণি সভাৰ লগতে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে।এই বৰ্ষত মহাবিদ্যালয় খনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।
মহাবিদ্যালয়খনৰ অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ সুপ্ত প্ৰতিভা সমূহ এই নৱাগতা আদৰণি সভাতে গীতে মাত পৰিৱেশন কৰি আত্ম প্ৰকাশ কৰে ।
ছাত্র-ছাত্ৰীসকলে উপস্থিত দৰ্শকৰ মন্ত্ৰমূগ্ধ কৰি ৰাখে, দিনটোৰ সকলো কাৰ্য্যসূচীৰ বিয়লি সফল সমাপ্তি ঘটে।