ব্ৰহ্মপুত্ৰৰ বুকুত ওফন্দি উঠিছে জলপৃষ্ঠঃ যি কোনো মুহূৰ্তত ডুবিব পাৰে ফাচিবজাৰ-পানবজাৰ অঞ্চচল

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৫জুলাইঃ যোৱা এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰে বৈছে৷

আজি মহানগৰীৰ শুক্লেশ্বৰ ঘাটৰ পৰা কাছমাৰি পাৰ ঘাটলৈকে প্ৰতিটো অঞ্চলত পথৰ কাষলৈকে পানীৰে উপচি পৰে৷

পথ অতিক্ৰম কৰিবলৈ আৰু মাত্ৰ এক দুই ফুট বাকী৷ ইয়াৰে কিছু অঞ্চল সম্পূৰ্ণ উন্মুক্ত যাৰ বাবে সাধৰণ ৰাইজৰ একাংশই নিচেই ওচৰলৈ গৈ চেল্ফি ফটো উঠোৱাৰ লগতে ভিডিঅ’ কৰাত ব্যস্ত৷

এই ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা কোনো বাধা দিয়া দেখিবলৈ পোৱা নাই৷ জিলা প্ৰশাসনে যদি কোনো পদক্ষেপ নলয় হয়তো কোনো লোকে দুৰ্ঘটনা পতিত হোৱাৰ সম্ভাবনা নুই কৰিব নোবাৰি৷

স্হানীয় ৰাইজে উন্মুক্ত অঞ্চলসমূহত প্ৰশাসনৰ তৰফৰ পৰা এক পদক্ষেপ ল’বলৈ আহ্বান জনায়৷

আনহাতে ফাচীবজাৰ-পানবজাৰ মাছখোৱা অঞ্চলবাসী ৰাইজে তীব্ৰ আতংকত দিন কটাইছে৷

আঞ্চলবাসী ৰাইজে জনোৱা মতে এনেধৰণৰ বৰষুণ যদি কেইঘন্টামান একে লেঠেৰীয়ে দিয়ে তেন্তে মহানগৰীৰ এই বৃহৎ অঞ্চল পানীত দুৱ যোৱাটো প্ৰায় নিশ্চিত ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here